ডিমা হাচাওত গণ সংক্রমণ! সোমবাৰৰ পৰা চৈধ্য দিনৰ ল’ক ডাউন

IMG_20200703_220453

কোভিড পৰিস্থিতিকলৈ শুকুৰবাৰে ডিমা হাচাও প্ৰশাসনৰ বৈঠক। ফটো: নৰ্থইষ্ট নাও

গণ সংক্রমণৰ দিশে গতি কৰিছে পাৰ্বত্য জিলা ডিমা হাছাও। শেহতীয়াকৈ অহা ৰিপ’ৰ্টত পাৰ্বত্য জিলাৰ আঠগৰাকী ব্যক্তিৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

এই আঠগৰাকী ব্যক্তিৰ ভিতৰত পাঁচগৰাকী হ’ল মান্দাৰদিচা আৰক্ষী চ’কীৰ কৰ্তব্যৰত আৰক্ষী কনিষ্টবল, এগৰাকী দিয়ুঙমুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কেন্টিন চলোৱা কৰ্মী আৰু আন দুগৰাকী লাইছং ক’ৱাৰেন্টাইন কেন্দ্ৰৰ।

পাঁচগৰাকী আৰক্ষী কনিষ্টবলৰ উপৰি দিয়ুঙমুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কেন্টিন চলোৱা কৰ্মীগৰাকীৰো কোনো ট্ৰেভেল হিষ্ট্ৰী নাই।

ইয়াৰ ফলত পাৰ্বত্য জিলাৰ সাধাৰণ ৰাইজৰ মাজত নতুনকৈ আতঙ্কৰ সৃষ্টি হৈছে যাক লৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নেতৃত্বৰ লগতে পাৰ্বত্য প্ৰশাসনৰ মাজত হুৱাদুৱা লাগে।

শুকুৰবাৰে গণ সংক্রমণ ৰোধৰ বাবে অহা দিনত কি ধৰণৰ ব্যৱস্থা লোৱা হ’ব তাক লৈ চিইএম কনফাৰেন্স হ’লত ইএম নন্দিতা গাৰ্লচাৰ সভাপতিত্বত বৈঠক অনুষ্ঠিত হয়।

বৈঠকত স্বাস্থ্য বিভাগৰ ইএম চ্যামুয়াল চাংছান, ইএম নাম্ৰোথাং মাৰ, পাৰিষদ সদস্যৰ উপৰি পৰিষদৰ প্ৰধান সচিব অমিতাভ ৰাজখোৱা, ক’ভিডৰ ন’ডাল অফিচাৰ ইবন টেৰন আদি উপস্থিত থাকে।

বৈঠকত সিদ্ধান্ত হয় যে অহা সোমবাৰৰ পৰা চৈধ্য দিনৰ কাৰণে পাৰ্বত্য ডিমা হাছাও জিলাত ল’ক ডাউন দিয়া হ’ব। অৱশ্যে নিত্য প্ৰয়োজনীয় আৰু জৰুৰীকালীন সেৱাক ল’ক ডাউনৰ বাহিৰত ৰখা হ’ব।

ইপিনে, হাফলং ক’ভিড কেয়াৰ চেন্টাৰৰ আইচ’লেশ্যনত থকা দহ গৰাকী ক’ভিড  যুৱক-যুৱতীৰ স্বাৱ নমুনাৰ ৰিপ’ৰ্ট এতিয়া লৈকে আহি পোৱা নাই। ইয়াক লৈয়ো তেওঁলোকৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।।

শুকুৰবাৰে নতুনকৈ আঠগৰাকী পজিটিভ ৰোগীকলৈ পাৰ্বত্য জিলাত মুঠ পজিটিভ ৰোগীৰ সংখ্যা ১২৮গৰাকী হৈছে। ইয়াৰ ভিতৰত ৯৮ গৰাকীক ডিচচাৰ্জ কৰা হৈছে। বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা ৩০গৰাকী।