NORTHEAST NOW (Assamese)

মন্ত্ৰীৰ সভাত অনুপস্থিত থকা বাবেই তিনিচুকীয়াৰ ১৬জনকৈ পঞ্চায়ত সচিবক নিলম্বন

June 27, 2018 4:55 pm · এন ই নাও নিউজ

যোৱা ২১ জুনত তিনিচুকীয়াত অনুষ্ঠিত আৰু বিভাগীয় মন্ত্ৰী উপস্থিত থকা এখন সভাত নিৰ্দেশ সত্ত্বেও উপস্থিত নথকা বাবে তিনিচুকীয়া জিলাৰ ১৬জনকৈ পঞ্চায়ত সচিবক নিলম্বন কৰা হৈছে। এই লৈ এতিয়া জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

উল্লেখযোগ্য যে সভাখন এখন পৰ্য্যালোচনা সভা আছিল আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই সভাপতিত্ব কৰা সভাখনত সকলো পঞ্চায়ত সচিবক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল।

কিন্তু এই ১৬জন পঞ্চায়ত সচিব নিৰ্দেশ অমান্য কৰি অনুপস্থিত আছিল। ফলস্বৰূপে বিভাগৰ ফালৰ পৰা তেওঁলোকক নিলম্বন কৰি কালি, অৰ্থাৎ ২৬ জুনত এখন জাননী দিয়া হৈছে।

এই জাননীখন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিবৰ দ্বাৰা জাৰি কৰা হৈছে। কৰ্তব্যৰ অৱহেলা আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষক কৰা অৱমাননাৰ বাবে তেওঁক অসম সেৱা বিধি (অনুশাসন আৰু আৱেদন), ১৯৬৪ অধীনত নিলম্বন কৰা বুলি কোৱা হৈছে।

জিলাখনৰ নিলম্বিত ১৬গৰাকী পঞ্চায়ত সচিব হ’ল :- ক্ৰমে লক্ষীপথাৰ পঞ্চায়তৰ সচিব কৃষ্ণ ভট্ট, লংকাশী পঞ্চায়তৰ সচিব প্ৰদীপ দাস, পুৰুনৈ পুখুৰী পঞ্চায়তৰ সচিব অনুপ চেতিয়া, মাইচাং পঞ্চায়তৰ সচিব জয়ন্ত বৰা, ডিৰাক পঞ্চায়তৰ সচিহ কিৰণ দুৱৰা, লেখাপানী পঞ্চায়তৰ সচিব ঈশ্বৰ শৰ্মা, কুমচাই পঞ্চায়তৰ সচিব মলয় চৌধুৰী, জাগুন পঞ্চায়তৰ সচিব আশিস দে’, লিডু পঞ্চায়তৰ সচিব প্ৰদীপ পাল, কুমাৰপট্টি পঞ্চায়তৰ সচিব ভাস্কৰ বৰুৱা, কেটেটেং পঞ্চায়তৰ সচিব হৰিলাল শৰ্মা, মাকুমপথাৰ পঞ্চায়তৰ সচিব গৌতম বাঢ়ৈ, ব্ৰহ্মজান পঞ্চায়তৰ সচিব বিপুল কলিতা, বুঢ়া-বুঢ়ী পঞ্চায়তৰ সচিব মৃণাল গগৈ, নগাঁও/ৰাজগড় পঞ্চায়তৰ সচিব শৈলেন হাজৰিকা আৰু লাইপুলি পঞ্চায়তৰ সচিব প্ৰেম কুমাৰ পাণ্ডে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে জাৰি কৰা নিলম্বনৰ জাননীখন।

Related News