NORTHEAST NOW (Assamese)

‍‘স্বাস্থ্যতকৈ বিহু ডাঙৰ নহয়‍‘, চৰকাৰৰ নীতি-নিৰ্দেশনা মানিবলৈ আহ্বান এগৰাকী মহিলা ঢুলীয়াৰ

April 15, 2020 11:09 am · নিৰ্মলেন্দু পাঠক
মহিলা ঢুলীয়া সংযুক্তাশ্ৰী বৰা

আজি বহাগৰ দ্বিতীয় দিন। পিছে অসমীয়াৰ বাপতিসাহোন বিহুৰ নামত যেন এইবাৰ কেৱল হতাশা। ঘৰৰ গৃহিনীৰ পৰা বিহুৰ শিল্পীলৈ মনত বিহু বিহু ভাব এটাই দোলা দিছিল হে মাথো তেনেতে আহিল কাল ৰূপী ক’ৰ’না ভাইৰাছ আৰু স্তব্ধ কৰি পেলালে সকলো৷

বিহুৰ বাবে সাজু হৈছিল যোৰহাট জিলাৰ টীয়কৰ অন্যতম মহিলা ঢুলীয়া সংযুক্তাশ্ৰী বৰাও। অসমৰ বিভিন্ন বিহু মঞ্চত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা সংযুক্তাশ্ৰীয়ে এতিয়া মনৰ হেপাহত ঘৰতে কান্ধত ঢোলটো লৈ চাপৰ বজাইছে।

বিহুৰ মঞ্চত এইবাৰ ঢোল বাদন কৰিবলৈ নাপাই এই গৰাকী শিল্পী হতাশ যদিও দেশ তথা মানৱ জাতিৰ এই জটিল সময়ত এই লকডাউনৰ প্ৰতি সমৰ্থন কৰি নিজ ঘৰতে আৱদ্ধ হৈ দেশ তথা মানব জাতিৰ সুস্থতা কামনা কৰিছে।

ইয়াৰ উপৰি ‍‘স্বাস্থ্যতকৈ বিহু ডাঙৰ নহয়’ কথাষাৰ সাৰোগত কৰি সেয়ে এইবাৰ ঘৰতে আৱদ্ধ থাকি অহাবাৰলৈ দুগুণ উৎসাহেৰে অসমীয়াৰ প্ৰাণৰো প্ৰাণ ৰঙালীক আদৰিব বুলি সমূহ অসমবাসীক জনাইছে উদীয়মান শিল্পীগৰাকীয়ে।

Related News