গুৱাহাটীত পুনৰ হ’ব ল’কডাউন; এইবাৰ কেনে হ’ব মহানগৰীত ল’কডাউন ক’লে হিমন্ত বিশ্ব শৰ্মাই

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী মহানগৰীত ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত পুনৰ ল’কডাউন ঘোষণা কৰাৰ ইংগিত দিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আজি এখন সংবাদমেল সম্বোধন কৰি এই ইংগিত দিয়ে।

অৱশ্যে এইবাৰ ল’কডাউন ঘোষণা কৰিলেও সমগ্ৰ গুৱাহাটী মহানগৰীতে ল’কডাউন ঘোষণা নকৰি ৱাৰ্ড ভিত্তিত ল’কডাউন ঘোষণা কৰা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই কয়।

আনহাতে, গুৱাহাটী মহানগৰীত ৱাৰ্ড ভিত্তিত ল’কডাউন ঘোষণা কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে নহয় কামৰূপ মহানগৰ জিলা প্ৰশাসনেহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।

বিগত দুটা দিনত গুৱাহাটীৰ বিভিন্ন স্ক্ৰীণিং কেন্দ্ৰসমূহত স্বেচ্ছাই ক’ৰ’নাৰ পৰীক্ষা কৰিব অহা লোক সমূহৰ ভিতৰত মুঠ ১১৪ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা কথাটোৱে গুৱাহাটীৰ সমস্যা জটিল হোৱাৰ দিশে গৈ থকাৰ ইংগিত দিয়ে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

গুৱাহাটীত বৰ্দ্ধিত ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে মহানগৰীৰ বিভিন্ন বিদ্যালয় তথা স্থানত মুঠ ৩৩ টা স্ক্ৰীণিং কেন্দ্ৰ স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদমেলত শৰ্মাই উল্লেখ কৰে।

”এই ৩৩ টা  স্ক্ৰীণিং কেন্দ্ৰত গুৱাহাটী মহানগৰীৰ লোক সকলে স্বইচ্ছাই আহি নিজৰ পৰীক্ষা সম্পন্ন কৰিব পাৰিব আমি ট্ৰু নাটছ মেচিনৰ বাবেও অৰ্ডাৰ দিছো তেতিয়া পৰীক্ষাৰ ফলাফল সমূহ লগে লগে লাভ কৰিব পাৰিব,” হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

তদুপৰি, জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা সৰুসজাই, খানাপাৰা আদিৰ কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহক কোভিড-১৯ হস্পাতাললৈ উন্নীত কৰা হ’ব বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।

গুৱাহাটী মহানগৰীত ৫০,০০০ টেষ্ট কৰাৰ বাবে স্বাস্থ্য বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দি হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ ফাচী বজাৰ, পাণ্ডু, মালিগাঁও, মাজখোৱা,  ফাটাশিল আমবাৰী, ধীৰেনপাৰা, লখৰা আদি স্থান সমূহ ক’ৰ’নাৰ সংক্ৰমণৰ ক্ষেত্ৰত বৰ্তমান চিন্তাৰ কাৰণ বুলি কয়।