ডাঙৰ খবৰ: কোৱাৰেন্টাইনত যাব নেকি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

WhatsApp Image 2020-06-02 at 12.21.10 PM

ফটো নর্থইষ্ট নাও

অসমত কৰ’নাৰ বিৰুদ্ধে যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দি অহা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোৱাৰেন্টাইনত যাবলগীয়া হ’ব পাৰে।

হাজোৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাঃ দীপক চন্দ্ৰ দাসৰ দেহত COVID19 পজিটিভ ধৰা পৰিছে।

সোমবাৰে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা শিঙিমাৰী হাস্পতাল পৰিদর্শনৰ সময়ত বহু মানুহৰ সংস্পৰ্শলৈ আহিছিল।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে কাষতে দেখা গৈছিল চিকিৎসকজনক।

এই খবৰৰ পাছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে কালিৰ অনুষ্ঠানটোত বহু লোক উপস্থিত আছিল।

ডাঃ দীপক চন্দ্ৰ দাস শুৱালকুছি হস্পাতালৰ মহকুমা স্বাস্থ্য বিষয়া।

ৰাজ্যখনত কৰ’না সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুদ্ধকালীনভাৱে কোভিড-১৯ বিৰুদ্ধ যুঁজখনত নেতৃত্ব দি আহিছে।

ৰাজ্যখনৰ হাস্পাতালসমূহ সঘনে পৰিদৰ্শন কৰাৰ লগতে কোভিড-১৯ ব্যৱস্থাপনাৰ সকলো দিশতে সম্পূৰ্ণ আত্মনিয়োগ কৰি আহিছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

বিভিন্ন সময়ত কোভিড ৰোগীসকলৰ চিকিৎসাৰ বুজ ল’বলৈও স্বাস্থ্য মন্ত্ৰীগৰাকী হাস্পাতলত উপস্থিত হোৱা দেখা গৈছে।

ইয়াৰ মাজতে সদায়েই সাৱধানতা অৱলম্বন কৰি কৰ্তব্যত ব্যস্ত হৈ থকা স্বাস্থ্য মন্ত্ৰীগৰাকী নিজেও কোৱাৰেন্টাইনত যাবলগীয়া হ’ব পাৰে বুলি শংকাৰ সৃষ্টি হৈছিল।

সোমবাৰে সকলোৰে দৃষ্টিগোচৰ হোৱা ঘটনাটোৰ পাছত এতিয়া স্বাস্থ্য মন্ত্ৰী গৰাকী হোম কোৱাৰেন্টাইনত থাকিব নেকি সেয়া চৰ্চিত হৈ পৰিছে।