NORTHEAST NOW (Assamese)

নগাঁৱত কোভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰীয়ে : বিৰোধী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সৈতেও আলোচনা

May 15, 2021 5:43 pm · মুৰুলী বৰুৱা
Updated: May 15, 2021 5:59 pm

অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই শনিবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনে কোভিড-১৯ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। মন্ত্ৰী মহন্তই কোভিড-১৯ৰ চলি থকা চিকিৎসাৰ বাবে শেহতীয়া সুবিধা নিৰ্মাণৰ প্ৰস্তুতি আৰু অগ্ৰগতিৰ বুজ লয়।

স্বাস্থ্য মন্ত্ৰীৰ সৈতে নগাঁওৰ বিধায়ক ৰূপক শৰ্মা আৰু জিতু গোস্বামীৰ লগতে নগাঁৱৰ উপায়ুক্ত কবিতা পদ্মনাভন, আইএএছ, আৰক্ষী অধীক্ষক গুৰৱ অভিজিত দিলীপ, আইপিএছ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু অন্যান্য জিলা পৰ্যায়ৰ বিষয়াসকল গৈছিল।

পাছত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জিলাখনত কোভিড-১৯ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ নগাঁওৰ উপায়ুক্ত (ডিচি), আৰক্ষী অধীক্ষক (এছপি), স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা পৰ্যায়ৰ বিষয়াসকল তথা অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়া, জনস্বাস্থ্য বিভাগ আৰু অসমৰ ৰাজহুৱা নিৰ্মাণ বিভাগৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত বহে।

জিলাখনৰ কোভিড-১৯ পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰী মহন্তই কোভিড কেয়াৰ চেণ্টাৰসমূহৰ সঠিক কাৰ্যকলাপ, কোভিড-১৯ পজিটিভ ৰোগীৰ সঠিক পৰিবহন, চেনিটাইজেচন প্ৰক্ৰিয়া, সুবিধাযুক্ত শ্মশানৰ সুবিধা, কোভিড সম্পৰ্কীয় মৃত্যুৰ সঠিক নিৰিখ, ৰাজ্যৰ দ্বাৰা সময়ে সময়ে জাৰি কৰা কোভিড-১৯ এছঅ’পি প্ৰটক’লবোৰ কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইফালে মন্ত্ৰীগৰাকীয়ে সাংসদ তথা কংগ্ৰছ নেতা প্ৰদ্যুৎ বৰদলৈৰ সৈতে নগাঁৱত কোভিড পৰিস্থিতিৰ সম্পৰ্কে আলোচনাত অংশগ্ৰহণ কৰে।

কিছু দিন পূৰ্বে নগাঁৱৰ কোভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰা বুলি মন্তব্য কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰি কিছুমান পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ জনাইছিল।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সাংসদ প্ৰদ্যুৎ বৰদলৈক নগাঁও আৱৰ্ত ভৱনৈ আমন্ত্ৰণ জনাই সমগ্ৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে আৰু সাংসদৰাকীয়ে আগবঢ়োৱা পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে বুলি জানিব পৰা গৈছে।

Related News