• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদাসীন স্বাস্থ্য মন্ত্ৰী! ৰাজ্যত দৈনিক গড় হিচাপত ১৫ টাকৈ নৱজাতকৰ মৃত্যু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 18, 2018 1:06 pm
Health
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ শাসন কালৰে পৰা স্বাস্থ্য বিভাগৰ দৰে ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ পদত থকা দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদাসীনতাৰ বলি হৈছে ৰাজ্যৰ বহুতো নৱজাতক আৰু প্ৰসুতি। নিয়ন্ত্ৰণহীন হৈ পৰিছে স্বাস্থ্য বিভাগ। প্ৰতিদিনে বৃদ্ধি হৈ গৈ আছে নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ সংখ্যা, তথাপিও স্বাস্থ্য মন্ত্ৰীৰ বিষয়টোৰ প্ৰতি উদাসীনতা!

উল্লেখযোগ্য যে, শেহতীয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৯ দিনত ২০ টি নৱজাতকৰ মৃত্যু হোৱাৰ পাছতো কোনো কেৰেপ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই। উন্নয়নৰ ফটা ঢোল কোবোৱা বিভাগটোৰ ৱেবচাইটতে উদং খাইছে এই তথ্য।

এয়া আমি মনে সাজি দিয়া তথ্য নহয়, বৰঞ্চ স্বাস্থ্য বিভাগে নিজৰ ৱেবচাইটৰ জৰিয়তেই উদঙাই দিছে এই চাঞ্চল্যকৰ তথ্য। যোৱা ১০ নৱেম্বৰৰ দিনা নৰ্থ ইষ্ট নাওতেই প্ৰকাশ পাইছিল বিগত ৮ মাহত ৰাজ্যত অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পোৱা নৱজাতক প্ৰসুতিৰ মৃত্যুৰ হাৰ।

তথ্য অনুসৰি ৰাজ্যৰ চিকিৎসালয়সমূহত যোৱা ১০ নৱেম্বৰলৈকে মৃত্যুক সাৱটি লোৱা নৱজাতকৰ সংখ্যা আছিল ৩৩৫৭ টা। তাৰ এসপ্তাহৰ পাছতেই এই পৰিমাণ হ’লগৈ ৩৬৮৩। অৰ্থাৎ যোৱা ৭ দিনৰ ভিতৰত ৰাজ্যখনত ৩২৬ টা নৱজাতকে মৃত্যুক সাৱটি লৈছে।

মন কৰিবলগীয়া কথা যে, চলিত মাহত বৰপেটাত ১ টা, ধেমাজি জিলাত ১২ টা, গোৱালপাৰাত ৯ টা, গোলাঘাটত ৪ টা, যোৰহাটত ২৭ টা, কৰিমগঞ্জত ৩ টা, লখিমপুৰত ৮ টা, নলবাৰীত ৪টা নৱজাতকে মৃত্যুক সাৱটি লোৱা দেখুওৱা হৈছে ৱেবছাইটটোত।

Infa
এন এইচ এমৰ ৱেবছাইটত সন্নিৱিষ্ট তথ্য তালিকা।

তাৎপৰ্য্যপূৰ্ণভাৱে, নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰা স্বাস্থ্য বিভাগে ৰাজ্যখনত চলিত মাহৰ ১০ তাৰিখলৈকে মুঠ ১৪ টা নৱজাতকেহে মৃত্যুক সাৱটি লোৱা বুলি দেখুৱাইছিল যদিও ১৭ নৱেম্বৰত প্ৰকাশ কৰা তথ্যত ৬৮ লৈকে এই সংখ্যা বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে যোৱা ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ১৫টিকৈ নৱজাতকৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত ৬ নৱেম্বৰৰ দিনাই৬টি শিশুৰ মৃত্যু হৈছিল।আনহাতে ৭ আৰু ৯ নৱেম্বৰৰ মাজতো পুনৰ ৩টি শিশুৰ মৃত্যু হৈছিল।

আনহাতে, ৱেবছাইটটোৰ মতে, ৰাজ্যখনৰ প্ৰত্যেক জিলা হিচাপত চাবলৈ গ’লে কাছাৰ জিলাত নৱজাতকৰ মৃত্যুৰ হাৰ সৰ্বাধিক। কাছাৰ জিলাত এপ্ৰিল মাহত ৮৫ টা, মে’ মাহত ৭২ টা, জুনত ৭১, জুলাইত ৬৩, আগষ্টত ৫৬, চেপ্তেম্বৰত ৮৩, অক্টোবৰত ১২৮ টাৰ বিপৰীতে চলিত মাহত এটাও নৱজাতকৰ মৃত্যু নোহোৱাৰ কথা প্ৰকাশ কৰিছে চৰকাৰী তথ্যত। কাছাৰ জিলাত বিগত ৮ মাহত সৰ্বমুঠ ৫৫৮ টা নৱজাতকে মৃত্যুক সাৱটি লৈছে, যিটো অতি উদ্বেগজনক কথা।

আনহাতে, সফলতাৰ ঢাক-ঢোল কোবোৱা ৰাজ্যৰ স্বাস্থ্য বিভাগতে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহৰ ১০ তাৰিখলৈকে ৩৩৫৭ টা নৱজাতকে মৃত্যুক আকোৱালি লৈছে। ইয়াৰে ৰাজ্যৰ ২৩ খন জিলাত এপ্ৰিল মাহত মৃত্যু হৈছে ৪৭৮ টা নৱজাতক, মে’ মাহত ৪৬১ টা, জুনত ৪৬৪ টা, জুলাই মাহত ৫০৭ টা, আগষ্ট মাহত ৫৪৯ টা, চেপ্টেম্বৰত ৪৯৩ টা, অক্টোবৰ মাহত ৩৯১ টা নৱজাতকে ইতিমধ্যে মৃত্যুক সাৱটি লৈছিল। ইয়াৰোপৰি ৰাজ্যত গড় হিচাপত প্ৰতি মাহে ৫২১ টা নৱজাতকে মৃত্যুক সাৱটি লোৱা বুলি ৱেবছাইটৰ তথ্যত ফাদিল হৈছিল।

তাৰ বিপৰীতে ভুল তথ্যৰে নিজৰ ব্যৰ্থতা লুকুৱাব চেষ্টা কৰা স্বাস্থ্য বিভাগে বিগত ৭ দিনৰ ভিতৰতে সলনি কৰিছে ওপৰোক্ত তথ্য, তাতেই উদং খাই পৰিছে আচল ছবিখন। ১৭ নৱেম্বৰত আপডেট কৰা তথ্য অনুসৰি ৰাজ্যৰ ২৩ খন জিলাত এপ্ৰিল মাহত ৪৯০ টা নৱজাতক, মে’ মাহত ৪৭৬, জুনত ৪৭২, জুলাইত ৫২৩, আগষ্টত ৫৬৮, চেপ্টেম্বৰত ৫৪৫, অক্টোবৰত ৫৪১ টা নৱজাতকে মৃত্যুক সাৱটি লৈছিল। এইবাৰৰ তথ্যত প্ৰতিমাহে গড়ে ৫৪৪ টা নৱজাতকক মৃত্যু হোৱা দেখুওৱা হৈছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা যোৱা ১০ নৱেম্বৰলৈকে প্ৰসূতিৰ মৃত্যুৰ পৰিমাণ আছিল ৪৯০ গৰাকী। বিগত এসপ্তাহত এই পৰিমাণ বাঢ়ি হৈছেগৈ ৫০৭ গৰাকী।

তথ্যৰ ভিত্তিত চাবলৈ গ’লে, বহু নৱজাতক-প্ৰসূতিয়ে বিগত ৮ মাহত মৃত্যুক সাৱটি লৈছে। কিন্তু গা লৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ, ডেমকেয়াৰ স্বাস্থ্য মন্ত্ৰীয়ে এনেধৰণৰ উদ্বেগজনক তথ্যক লৈ কোনো কেৰেপেই নকৰে।

আনহাতে, বহু সচেতন লোকেই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ভেজাল দৰবৰ ফলত এনেধৰণে দৈনিক প্ৰসূতি-নৱজাতকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে নৰ্থ ইষ্ট নাওৰ আগত ভেজাল দৰব তথা উন্নত মানৰ ঔষধৰ বাবেই এনেধৰণে দৈনিক গড় হিচাপত ১৫ টাকৈ নৱজাতক আৰু ৩ গৰাকীকৈ প্ৰসূতিয়ে মৃত্যুক সাৱটি লৈছে বুলি কয়।

আনহাতে, চৰকাৰী চিকিৎসালয়সমূহত চিকিৎসা সেৱাৰ আধুনিকীকৰণ হোৱা নাই বুলিও গগৈয়ে দাবী কৰে।  

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd