কৰ’নাভাইৰাছ: গোলাঘাটত ঘৰে ঘৰে যাব স্বাস্থ্যকৰ্মী

Healthcare workes to go for home visit in Golaghat from 7 May

গোলাঘাট জিলা স্বাস্থ্য বিভাগে কৰ’না প্ৰতিৰোধৰ পদক্ষেপ হিচাপে অহা ৭ মে’ৰ পৰা জিলাখনৰ জনসাধাৰণৰ ঘৰে ঘৰে গৈ স্বাস্থ্যৰ বুজ ল’ব।

মঙলবাৰে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে এই কথা সদৰী কৰিছে।

তেওঁ উক্ত অভিযানত জিলাখনৰ ২ লাখ ৩৪ হাজাৰ পৰিয়ালক সাঙুৰি লোৱা হ’ব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে অসমৰ বিভিন্ন জিলাৰ দৰে গোলাঘাটতো জিলা প্ৰশাসনে কৰ’না, জাপানী এনকেফেলাইটিছ আদিৰ ওপৰত মানুহক সজাগ কৰাৰ লগতে এনে ৰোগত কোনো ব্যক্তি আক্ৰান্ত হৈছে নেকি বা কাৰোবাৰ দেহত কোনো লক্ষণ দিছে নেকি বুজ লৈ পৰৱৰ্তী পৰ্যায়ত স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজন হ’লে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব।

উপায়ুক্তই জানিবলৈ দিয়া অনুসৰি এই অভিযানৰ বাবে স্বাস্থ্য বিভাগৰ ৫৮জন চিকিৎসকৰ নেতৃত্বত স্বাস্থ্যকৰ্মীসকলকলৈ ৫৮টা দল প্ৰস্তুত কৰা হৈছে যাক পঞ্চায়তৰ প্ৰতিনিধিসকলে সহযোগিতা কৰিব৷

আগন্তুক এমাহ ধৰি জিলাখনৰ ৬৪৫খন ৰাজহ গাওঁ, ৫০০ বনগাওঁ আৰু নগৰ অঞ্চলত এই অভিযান চলিব।

উপায়ুক্তগৰাকীয়ে ইয়াৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে।

তেওঁ লগতে জিলাখনৰ ১৫ হাজাৰ বাহিৰত থকা লোকে অচাম কেয়াৰৰ পৰা দুই হাজাৰ টকাকৈ লাভ কৰিছে বুলি উল্লেখ কৰি ইয়াৰে যিসকলে নিজৰ ঘৰলৈ আহিব বিচাৰে তেওঁলোক আহিব পাৰিব বুলি কয়।

অৱশ্যে তেনে ব্যক্তিসকলৰ ক্ষেত্ৰত প্ৰত্যেকৰে ঘৰত জাননী আঁৰি দিয়া হ’ব আৰু অহাৰ লগে লগে তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হ’ব বুলি কয়।

একেদৰে জিলাখনত কৰ’নাৰ মোকাবিলা কৰিবৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৬০ খন অক্সিজেনসহ বিছনা, ২৪ খন আই চি ইউ বিছনা,  দুটা ভেণ্টিলেচন আৰু ৬৭০খন বিছনা সাজু কৰি থোৱা হৈছে বুলি উপায়ুক্তই সংবাদ মেলত জানিবলৈ দিয়ে৷