NORTHEAST NOW (Assamese)

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

August 13, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 12, 2025 8:30 pm

হৃদযন্ত্ৰৰ ৰোগ, বৃক্ক ৰোগ, থাইৰয়ড, ডায়েবেটিছ, ফেটি লিভাৰ আদি সকলো ৰোগৰ লগত পেটৰ সম্পৰ্ক আছে। পেট যদি ঠিকে থাকে তেন্তে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতাও বৃদ্ধি পায়। গতিকে পেটৰ স্বাস্থ্য ঠিকে ৰাখিবলৈ প্ৰয়োজনীয় ১০ টা বিশেষ অভ্যাস জানি লওক আহক –

১/ দিনটো গৰম পানীৰে আৰম্ভ কৰক। বহুতে দিনটোৰ আৰম্ভণিতে চাহ বা কফিত চুমুক দিয়ে। চিকিৎসকে কয় যে পেটটো সুস্থ কৰি ৰাখিবলৈ চাহ বা কফি খোৱাৰ আগতে গৰম পানী খোৱাটো জৰুৰী।

২/ ইয়াৰ পিছত খোজ কাঢ়িব লাগে বা ব্যায়াম কৰিব লাগে।

৩/ বহুতে পুৱা খাদ্য নাখায়। অৱশ্যে ৰাতিপুৱা খোৱাটো অতি গুৰুত্বপূৰ্ণ। পুৱাৰ খাদ্যত আঁহৰ পৰিমাণ অধিক হোৱাটো গুৰুত্বপূৰ্ণ।

৪/ আঁহৰ লগতে পুৱাৰ খাদ্যত প্ৰটিনৰো গুৰুত্ব আছে।

৫/ খোৱাৰ সময়ত মোবাইল ফোন চোৱাৰ অভ্যাস অতি ক্ষতিকাৰক। ই খাদ্য হজম হোৱাত বাধা দিয়ে।

৬/ পিয়াহ দূৰ কৰিবলৈ আদা বা নেমুৰ চাহৰ জুতি ল’ব পাৰে।

৭/ সদায় শস্যজাতীয় খাদ্য যেনে বুট, মগু, বাদাম আদি খাব লাগে।

৮. ৰাতিপুৱাৰ ৰ’দত খোজ কাঢ়িব লাগে। ৰাতিপুৱাৰ ৰ’দে শৰীৰত ডি ভিটামিন যোগান ধৰে।

৯/ কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে দৈনিক খাদ্যত আঁহজাতীয় খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে।

১০/ মলৰ ৰং আৰু গোন্ধো অসুস্থতাৰ সূচক। সেইটোতো গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।

Related News