অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ : পুনৰ ১ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য

6890ca19-75bd-4674-8e8b-74b2ae311be2

নগাঁও আদালতৰ বাহিৰত সংবাদ মাধ্যমৰ আগত বক্ৱ্য ৰাখিছে নিলোৎপলৰ পিতৃয়ে। ফটো : নৰ্থইষ্ট নাও

ৰাজ্য কঁ‌পাই যোৱা কাৰ্বি আংলঙৰ ডকমকাৰ অভিজিত নাথ-নিলোৎপল দাস হত্যাকাণ্ডৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আৰু নগাঁও কেন্দ্ৰীয় কাৰাগাৰত থকা অভিযুক্তসকলক আজি নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। নগাঁও আদালতে অহা ১ ডিচেম্বৰত পুনৰ শুনানিৰ তাৰিখ ঘোষণা কৰিছে। আদালতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বুলি গোচৰীয়া পক্ষই আশা প্ৰকাশ কৰিছে।

আনহাতে, আদালতে ১৪ দিনৰ পিছত অৰ্থাৎ ২২ নৱেম্বৰত ‘167 criminal procedure এটা ডিমাণ্ড ডেট’ ধাৰ্য কৰিছে। অভিযুক্তসকলক আৰক্ষীয়ে ‘হাত কেৰেয়া’ লগাই আদালতত উপস্থিত কৰোৱাৰ বাবে অভিযুক্তপক্ষই আদালতত আবেদন কৰে।

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজন মহাজনে গোচৰীয়া পক্ষ তথা অভি-নীলৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে অভিযুক্ত পক্ষৰ হৈ জিয়াউৰ কামাৰে যুক্তি প্ৰদৰ্শন কৰে।

কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে ডিফু কাৰাগাৰত থকা উক্ত হত্যাকাণ্ডৰ ৪৭ জন অভিযুক্তক ১৮ ছেপ্টেম্বৰত নগাঁৱলৈ আনি সেইদিনাই প্ৰথম আদালতত হাজিৰ কৰাইছিল। আদালতত হাজিৰ কৰোৱাৰ পিছত অভিযুক্তসকলক নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পিছত ১০ অক্টোবৰত দ্বিতীয় বাৰৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে আজি ৮ নৱেম্বৰত শুনানিৰ তাৰিখ ধাৰ্য কৰিছিল।

উল্লেখ্য, অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পিতৃ-মাতৃয়ে ডিফুৰ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিলে অভিযুক্ত পক্ষৰ হেঁ‌চাত ভূক্তভোগীয়ে সঠিক ন্যায় পোৱাৰ ক্ষেত্ৰত শংকা প্ৰকাশ কৰি গোচৰটোৰ বিচাৰ নগাঁও আদালতলৈ স্থানান্তৰ কৰাৰ বাবে আবেদন জনাইছিল।

তদুপৰি ডিফুত গোচৰটোৰ সঠিকভাবে বিচাৰ হোৱাৰ ক্ষেত্ৰত শংকিত হৈ অভিজিৎ-নিলোৎপলৰ অভিভাৱকে গোচৰটো নগাঁও জিলাৰ আদালতলৈ স্থানান্তৰৰ দাবী উত্থাপন কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত গোচৰটো নগাঁও আদালতলৈ স্থানান্তৰ কৰা হয়।

আনহাতে, অভি-নীলৰ পিতৃ মাতৃৰ লগতে আজি আদালত চৌহদত উপস্থিত থকা লোকে হত্যাকাণ্ডটোৰ বিচাৰ খৰতকীয়া হোৱাৰ আশা প্ৰকাশ কৰিছে।