ডিমা হাচাওৰ ১৫ বৰ্ষ পুৰণি হত্যাকাণ্ডৰ গোচৰৰ কাইলৈ শুনানি: হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শীক সাক্ষী নিদিয়াৰ ভাবুকি!
২০০৮ চনত সংঘটিত হোৱা এক হত্যাকাণ্ড, ডিমা হাচাওৰ ডিয়োঙমুখ থানাৰ অন্তৰ্গত লাংলাইত সংঘটিত হৈছিল এই হত্যাকাণ্ড। হত্যাৰ বলী হৈছিল কৰ্তব্যৰত আৰক্ষী কনিষ্টবল হাবিবুৰ ৰহমান৷ হত্যাৰ অভিযোগ উত্থাপন হৈছিল ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি দেৱলাল গাৰ্লোচাই ২০০৮ চনত স্বায়ত্বশাসিত পৰিষদৰ সদস্য ভদ্ৰমণি লাংথাচাৰ পি এচ অ’ হাবিবুৰ ৰহমানক ৰহমানৰ চৰকাৰী কাৰ্বাইন বন্দুকেৰে গুলিয়াই হত্যা কৰিছিল৷ এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল বিকাশ থাওচেন৷ ২০০৮ চনৰে পৰা চলি আহিছে হাবিবুৰ ৰহমান হত্যাৰ বিচাৰ প্ৰক্ৰিয়া৷
পিছে প্ৰত্যক্ষদৰ্শী বিকাশ থাওচেন বৰ্তমান সুৰক্ষাজনীত কাৰণত অজ্ঞাত স্থানত আছে৷ বিকাশক বিচাৰি ফুৰিছে দাৰাসিঙ আৰু বেলেই৷ বিকাশক বিচাৰি নাপায় তেওঁৰ পত্নীক তেওঁলোকে প্ৰদান কৰে অসীম ধনৰাশী আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ প্ৰলোভন৷
কাইলৈ আদালতত হাবিবুৰ হত্যাকাণ্ডৰ গোচৰৰ শুনানি আছে৷ এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী বিকাশ থাওচেনে কাইলৈ ঘটনা সন্দৰ্ভত প্ৰদান কৰিব সাক্ষ্য৷ পিছে ডাঙৰ হাতদীঘল নেতাৰ বিৰুদ্ধে সাক্ষী দিবলৈ গৈ বিপদত পৰিছে বিকাশ থাওচেন৷
থাওচেনে সাক্ষ্য নিদিবলৈ ‘ডিমা হালাম ডাওগা’ নামৰ উগ্ৰপন্থী দলৰ প্ৰাক্তন কেডাৰ থাইচ’দাও থাওচেন ওৰফে দাৰা সিঙ আৰু প্ৰণেন হাফলঙবাৰ ওৰফে বেলে নামৰ দুজন ব্যক্তিয়ে অজ্ঞাত স্থানত থকা বিকাশ থাওচেনৰ লগত ফোনত কথা পাতি তেওঁক সাক্ষী নিদিবলৈ ভাবুকি প্ৰদান কৰে৷
থাওচেনৰ পত্নীক চৰকাৰী চাকৰিৰ লগতে যিমান লাগে সিমান টকা তেওঁৰ বেংক একাউন্টত ভৰাই দিয়াৰো প্ৰলোভন দিয়ে দাৰা সিঙ আৰু বেলে৷ এই বিষয়ে ইতিমধ্যেই আৰক্ষীক অৱগত কৰিছে বিকাশ থাওচেনে৷ এজাহাৰত তেওঁ উল্লেখ কৰিছে যে দাৰা সিঙে ফোনত তেওঁৰ পত্নীক থাওচেন ক’ত আছে সুধিছিল৷
বিকাশ থাওচেনে ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোচাৰ লগতে দাৰা সিঙ আৰু বেলেৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিছে৷