ভবা হৈছিল নামি অহা বৰষুণ জাকে তীব্ৰ গৰমৰ পৰা কিছু সকাহ দিব। কিন্তু হিতে বিপৰীত হ’ল বিহাৰত। বজ্ৰপাত আৰু শিলাবৃষ্টিৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে বিহাৰ। ৰাজ্যজুৰি ধাৰাবাহিকভাৱে শিলাবৃষ্টি আৰু বজ্ৰপাতৰ ফলত কেইবাজনো লোকৰ প্ৰাণ হানি হোৱাৰ লগতে খেতি-পথাৰৰ বিস্তৰ ক্ষতি হৈছে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ৮ এপ্ৰিলৰ পৰা বিহাৰৰ বতৰ সলনি হৈছে। প্ৰবল বৰষুণ, শিলাবৃষ্টি, আৰু বজ্ৰপাতৰ ফলত কেইবাখনো জিলাৰ যথেষ্ট ক্ষতিসাধন হৈছে। যোৱা ৪৮ ঘণ্টাত ৰাজ্যখনত ১৯ জন লোকৰ মৃত্যু হৈছে।
ইয়াৰে বেগুছৰাইত ৫ জন, দৰভঙাত ৫ জন, মধুবনীত ৩ জন, সমস্তীপুৰ আৰু ছাহৰছাত দুজনকৈ আৰু গয়া আৰু লক্ষ্মীছৰাইত এজনকৈ লোকৰ মৃত্যু হৈছে।
স্থানীয় কৃষকসকলে জনোৱা মতে, শিলাবৃষ্টিৰ ফলত ৰবি শস্যৰ বিস্তৰ ক্ষতি হৈছে। তদুপৰি চম্পাৰণ, মধুবনী, মুজাফ্ফৰনগৰ, দৰভংগা, আৰু সীতামড়ীত আম আৰু লিচুৰ ক্ষতিসাধন হৈছে।
ইতিমধ্যে এই ঘটনাক লৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দুখ প্ৰকাশ কৰিছে। মৃতকৰ পৰিয়ালক চাৰি লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।
বতৰ বিজ্ঞান বিভাগে জনাইছে যে বিহাৰত ১২ এপ্ৰিল পৰ্যন্ত ভয়াৱহ বতৰৰ পৰিস্থিতি অব্যাহত থাকিব। বজ্ৰপাতৰ লগতে বৰষুণ, শিলাবৃষ্টি আৰু প্ৰচণ্ড বতাহৰ বাবে কেইবাখনো জিলাত সতৰ্কবাণী দিয়া হৈছে।
উল্লেখ্য যে বিহাৰত দুৰ্যোগৰ সঘনতাৰ কাৰণ হৈছে পশ্চিম-মধ্য বংগ উপসাগৰৰ নিম্ন চাপ। যাৰ বাবে অহা পাঁচ দিনৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে।