মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ
নেৰানেপেৰা বৰষুণৰ বাবে বিপৰ্যস্ত মুম্বাই। বৰষুণৰ ফলত একাধিক দুৰ্ঘটনাত এই পৰ্যন্ত ১০ জন লোকৰ মৃত্যু হৈছে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, লোহাগড় দুৰ্গৰ সমীপত ভূমিস্খলনত আবদ্ধ হৈ পৰিছে এটা পৰিয়াল। পৰিস্থিতিৰ অৱনতিৰ বাবে পুনে-মুম্বাই এক্সপ্ৰেছৱে আৰু পুৰণি মুম্বাই-পুনে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে। মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।
আৰক্ষী আৰু প্ৰশাসনিক সূত্ৰই জনোৱা মতে, কোনো কোনো ঠাইত ঘৰ ভাঙিছে, কোনো কোনো ঠাইত গছ উভালি পৰিছে। পৌৰসভাৰ কৰ্মীসকলে পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে। কেইবাটাও অঞ্চল পানীত ডুব গৈছে। লগতে বহু ঠাইত ভূমিস্খলনৰ খবৰ পোৱা গৈছে।
কুৰলাত পথৰ কাষৰ এখন দোকানত গছ পৰি ইউনুছ কুন্দ্ৰৱালা (৬৩) নামৰ এজন বৃদ্ধৰ মৃত্যু হয়। বৃহনমুম্বাই পৌৰ নিগমে তেওঁৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে। ছাকি নাকা অঞ্চলত মুকলি মেনহ’লত পৰি এজন লোকৰ মৃত্যু ঘটিছে। তেওঁৰ নাম আৰু পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
আনহাতে, বৰষুণৰ সময়ত নৱী মুম্বাইৰ খাৰঘৰৰ পাণ্ডৱকাৰা জলপ্ৰপাতত পৰি দুজন যুৱকে প্ৰাণ হেৰুৱাইছে। প্ৰবল সোঁতৰ বাবে প্ৰশাসনে জলপ্ৰপাতটোত নামি নমাত নিষেধাজ্ঞা আৰোপ কৰিছিল। সেই নিষেধাজ্ঞা উলংঘা কৰি তেওঁলোকে পানীত নমা বুলি জানিব পৰা গৈছে।
মীৰা ৰোড-ভয়ান্দৰ অঞ্চলত ধাৰাসাৰ বৰষুণৰ সময়ত মটৰ চাইকেল চলাই যোৱা যতীন বুণ্ডী (৩৬) নামৰ যুৱক এজনৰ ওপৰত এডাল নাৰিকল গছ ভাঙি পৰে। তেওঁৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, লোহাগড় দুৰ্গৰ সমীপৰ পাটন গাঁৱত ভূমিস্খলনৰ ফলত এটা পৰিয়াল আবদ্ধ হৈ পৰিছে। উদ্ধাৰকাৰী দলে যুদ্ধকালীন তৎপৰতাৰে অভিযান চলাই আছে।
জানিব পৰা মতে, ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত পুনে-মুম্বাই এক্সপ্ৰেছৱেৰ এটা পকী খুঁটা ভাঙি যায়। তদুপৰি বিকল্প পথসমূহো পানীত ডুব যোৱাৰ বাবে এক্সপ্ৰেছৱে আৰু পুৰণি মুম্বাই-পুনে পথ দুয়োফালৰ পৰা বন্ধ কৰি দিয়া হৈছে। তদুপৰি কানেক্টিং লিংক ৰোডৰ টানেল-২ৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে সোমবাৰে পুৱা ৪ বজাৰ পৰা সকলো যাতায়ত বন্ধ হৈ পৰিছে। বাছ আৰু ট্ৰাক অন্য পথলৈ ঘুৰাই দিয়া হৈছে।
থানে, পালঘৰ আৰু ৰায়গড়ত বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে। ঘণ্টাত ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত ধুমুহা বতাহৰ সৈতে অতি প্ৰবল বৰষুণ হোৱাৰ আশংকা কৰা হৈছে। বেয়া বতৰৰ বাবে কৰ্তৃপক্ষই মুম্বাই, থানে আৰু পালঘৰ অঞ্চলৰ সকলো স্কুল-কলেজতে বন্ধ ঘোষণা কৰিছে। মুম্বাই বিশ্ববিদ্যালয়ে ৬ জুলাইৰ সকলো পৰীক্ষা পিছুৱাই দিছে।
কাৰজাট আৰু লোনাভালাৰ মাজৰ দক্ষিণ-পূব ঘাট অংশত ভূমিস্খলন ঘটিছে। ফলত কেন্দ্ৰীয় ৰে’লৱেৰ মুম্বাই সংমণ্ডলৰ কেইবাখনো ৰে’ল চলাচলত বিঘিনি ঘটিছে। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ লগে লগে প্ৰশাসনে ৰাইজক নিতান্তই প্ৰয়োজন নহ’লে ঘৰৰ পৰা ওলাই নাহিবলৈ পৰামৰ্শ দিছে।