তেলেংগানাৰ অতিবৃষ্টিত মৃ্ত লোকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি : ঘণ্টাত ২০ ছেন্টিমিটাৰকৈ বৃষ্টিপাত

fb1_5f86c40df2b24

তেলেংগানাৰ অতিবৃষ্টিৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পাইছে।

প্ৰচণ্ড বৃষ্টিপাতৰ ফলত তেলেংগানাৰ ৰাজধানী কেৱল হায়দৰাবাদতে ১৮ জনকৈ লোকৰ মৃত্যু ঘটিছে বুলি খবৰ আহিছে।

ইফালে ৰাজ্যখনৰ অন্যান্য প্ৰান্তত আৰু কেবাজনো লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

চৰকাৰী সূত্ৰই মৃত লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা আছে বুলিও দাবী কৰিছে।

এই বৃষ্টিপাতৰ ফলত হায়দৰবাদৰ লগতে ৰাজ্যখনৰ বিভিন্ন দ অঞ্চল আৰু পথসমূহত পানীত বুৰ গৈছে।

চৰকাৰী বিষয়াৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে মংগলবাৰে নিশা মহানগৰৰ বিভিন্ন অঞ্চলত প্ৰৱল বৃষ্টিপাতৰ ফলত ঘৰ আৰু ক্ৰংকিটৰ ৱাল খহি পৰি উক্ত লোককেইজনৰ মৃত্যু ঘটিছে।

ইফালে ৰাজ্য চৰকাৰে অতিবৃষ্টিৰ বাবে ৰাজ্যখনত বুধবাৰ আৰু বৃহস্পতিবাৰে সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰে।

ৰাজ্যখনত পৰৱৰ্তী দুদিনলৈ অতিবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি চৰকাৰে সতৰ্ক কৰি সকলো লোককে আগন্তুক দুদিন ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে।

স্থানীয় আৰক্ষীয়ে জনাইছে যে চামশ্বাবাদ এলেকাৰ গাদানপাহাডত অতিবৃষ্টিৰ ফলত এটা ঘৰ খহি শিশুসহ একেটা পৰিয়ালৰে তিনিজন লোকৰ মৃত্যু হৈছে।

ইব্ৰাহিমপাটনমতো মংগলবাৰে নিশা অতিপাত বৰষুণৰ ফলত ঘৰৰ চালখন খহি পৰাত এগৰাকী ৪০ বছৰীয়া মহিলাসহ তেওঁৰ কন্যাৰ মৃত্যু ঘটিছে।

বৃহত্তৰ হায়দৰাবাদৰ মিউনিপাল ক’ৰ্পোৰেশ্যন(GHMC)এ মহানগৰখনত আৱদ্ধ হৈ পৰা পানী নিষ্কাশনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও নেৰানেপেৰা বৰষুণৰ বাবে এই কামত ব্যাঘাত জন্মিছে।

ইতিমধ্যে ৰাজ্যখনৰ মুখ্য সচিব সোমেশ কুমাৰে ৰাজ্যখনৰ সকলো জিলাতে হাই এলাৰ্ট জাৰি কৰিবলৈ জিলাৰ উপায়ুক্তসকললৈ নিৰ্দেশ দিছে।

আৰক্ষীয়ে ৰাজ্যখনৰ দুৰ্যোগ নিৰাময় বাহিনী(DRF) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ নিৰাময় বাহিনীৰ সৈতে যৌথভাৱে বৰষুণৰ ফলত সৃষ্ট বানপানীত আক্ৰান্ত লোকসকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

ইফালে বৃহস্পতিবাৰে আৰু অধিক বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।