NORTHEAST NOW (Assamese)

আৰু বৰষুণ হ’ব অসমত

July 16, 2019 11:04 pm · এন ই নাও নিউজ
Updated: July 16, 2019 11:07 pm

চলিত বানত অসমৰ ৪৫ লাখতকৈয়ো অধিক লোক আক্ৰান্ত হোৱাৰ সময়তে, স্কাইমেটৱেদাৰ.কম-এ পৰৱৰ্তী ২৪ ঘণ্টাত ৰাজ্যখনত আৰু অধিক বৰষুণৰ আগজাননী দিছে।

অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মেঘালয়তো অধিক বৰষুণৰ বতৰা দিয়া হৈছে।

বান পৰিস্থিতি অধিক জটিল হৈ পৰাত অসম চৰকাৰে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে হাই এলাৰ্ট জাৰি কৰিছে; ৰাজ্যখনৰ ৩০খন জিলাৰ ৫০০০খন গাওঁ চলিত বানৰ কবলত পৰিছে।

মঙলবাৰলৈকে দুই ডজনতকৈয়ো অধিক লোকে বানত প্ৰাণ হেৰুৱাইছে।

স্কাইমেটৱেদাৰ.কম-ৰ বাতৰি মতে, মধ্য পাকিস্তান আৰু পঞ্জাৱৰ ওপৰত এক “ঘূৰ্ণী সঞ্চালন”ৰ আৰম্ভণি হৈছে আৰু ইয়াৰ সম্ভাৱ্য “পথ” উত্তৰ-পূব ভাৰতলৈকে বিস্তৃত হৈ আছে।

পূবা-পশ্চিমা “পথ”ৰ ফলত ছিকিম, অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত দুই এজাক মূষলধাৰ বৰষুণৰ লগতে পাতলৰ পৰা মজলীয়া বৃষ্টিপাত হ’ব, প্ৰতিবেদনটোত প্ৰকাশ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে উত্তৰ-পূবত বৃষ্টিপাতৰ সতৰ্কীকৰণ জাৰি কৰা নাই।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী মতে, শুকুৰবাৰে অসমকে ধৰি উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

আনহাতে অসম আৰু মেঘালয়ত শনিবাৰেও তীব্ৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Related News