NORTHEAST NOW (Assamese)

ধাৰাসাৰ বৰষুণৰ ফলত হিমাচলত পুনৰ ভয়াবহ ভূমিস্খলন; ১২ জন লোকৰ মৃত্যু

August 24, 2023 12:53 pm · এন ই নাও নিউজ, গুৱাহাটী

এটা এটাকৈ ঘৰৰ পিছত ঘৰ ভাঙি পৰিছে। কেইটামান মুহূৰ্তৰ ভিতৰতে নদীত উটি গৈছে। ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ হিমাচলত ঘটিছে ভয়াৱহ ভূমিস্খলন।

বাতৰি অনুসৰি, বুধবাৰে কুল্লুত হোৱা ভূমিস্খলনৰ ফলত একেৰাহে ৭টা বহুমহলীয়া অট্টালিকা ভাঙি পৰে। ধাৰাসাৰ বৰষুণৰ সময়ত ঘৰবোৰত ফাট মেলা দেখা গৈছিল। তাৰপিছতে তিনিদিন পূৰ্বে বাসিন্দাসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল।

লগতে পঢ়ক: বন্ধ হ’ল ধূলিৰ ধুমুহা, চন্দ্ৰৰ বুকুত নামি খোজ কাঢ়িছে ৰ’ভাৰ প্ৰজ্ঞানে, এতিয়া কি কাম?

বুধবাৰে হিমাচলত অবিৰত বৰষুণ, ভূমিস্খলন আৰু ডাৱৰ ভাঙি হোৱা বৰষুণৰ ফলত ১২ জন লোকৰ মৃত্যু হয়। হিমাচলত চলিত মাহত এতিয়ালৈকে ১২০ জন লোকে প্ৰাণ হেৰুৱাইছে।

এনে পৰিস্থিতিত মৌসম ভৱনে পুনৰবাৰ ৰেড এলাৰ্ট জাৰি কৰিছে। আগন্তুক ২৪ ঘন্টাত হোৱা প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ বাবে হিমাচলৰ ৬ খন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

পুনৰ হৰপা বানৰ ভাবুকি অহা দেখা গৈছে। বুধবাৰৰ পৰা অহা দুদিনলৈ শিমলা, চালান, মাণ্ডী জিলাৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে।

লগতে পঢ়ক: মিজোৰামত নিৰ্মাণৰত ৰে’ল দলং ভাঙি মৃত্যু হোৱা লোকৰ ২৪ জনেই পশ্চিমবংগৰ মালদাৰ শ্ৰমিক

কুল্লুৰ পৰা মাণ্ডীলৈ যোৱা পথত হোৱা ভূমিস্খলনৰ বাবে বহু বাহন পথত আবদ্ধ হৈ পৰে। অৱশ্যে পথটো পৰিষ্কাৰ কৰাৰ লগতে যান-বাহনৰ গতি দ্ৰুত কৰাৰ কাম আৰম্ভ কৰা হৈছে।

Related News