অসমসহ উত্তৰ-পূৰ্বাঞ্চলত পাঁচদিনলৈ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

Heavy rains to drench Assam

আগন্তুক পাঁচটা দিনৰ বাবে বাৰিষা কালৰ পিছত হোৱা বৰষুণৰ সন্মুখীন হ’ব অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এক বিবৃতি যোগে শুকুৰবাৰে এই ভৱিষ্যতবাণী কৰিছে।

মূলত: দক্ষিণ বংগোপসাগৰৰ কেন্দ্ৰীয় অংশত মধ্য ট্ৰপোস্ফেৰিক স্তৰত হোৱা ঘূৰ্ণীবতাহ আৰু দক্ষিণ উপকূলীয় অন্ধ্ৰ প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশৰ উত্তৰাংশৰ কেন্দ্ৰীয় অংশ, তেলেংগানা, বিদৰ্ভ আৰু পশ্চিম মধ্য প্ৰদেশলৈ চলি থকা ঘূৰ্ণীবতাহৰ বাবে এই বৰষুণৰ সন্দেহ কৰিছে বতৰ বিজ্ঞান বিভাগে।

বিভাগত তথ্য অনুসৰি, এই কাৰকসমূহৰ প্ৰভাৱত পাঁচ দিনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ লগতে নিম্নৰ পৰা মধ্যমীয়া বৰষুণ (৬৪.৫-১১৫.৫ মিলিমিটাৰ) আৰু বজ্ৰপাতৰ সম্ভৱনা আছে।

অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত ৭ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ আৰু মিজোৰাম তথা ত্ৰিপুৰাত ৯ অক্টোবৰৰ পৰা ১১ অক্টোবৰৰ মাজত বৰষুণ অহাৰ সম্ভাৱনা আছে।

ইফালে উপ-হিমালয় অঞ্চল পশ্চিম বংগ আৰু ছিকিমতো ৭ আৰু ৮ অক্টোবৰত একে ধৰণৰ পৰিস্থিতি দেখা যাব পাৰে বুলি বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

ইফালে, দক্ষিণ-পশ্চিম মৌচুমী বায়ু দেশৰ উত্তৰ-পশ্চিম অংশৰ পৰা ক্ৰমে হ্ৰাস পিবলৈ ধৰিছে বুলিও বিবৃতিটোত কোৱা হৈছে। সাধাৰণতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ১০ অক্টোবৰৰ আশে পাশে মৌচুমী বায়ুৰ প্ৰভাৱ হ্ৰাস পায় যদিও এই বছৰ কিছুদিনৰ বাবে ইয়াৰ প্ৰভাৱ থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

ঋতুকালীন বৰষুণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলত জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ বাৰিষা কালৰ সময়চোৱাত সামূহিক গড়তকৈ কম পৰিমাণৰ বৰষুণৰ ৰেকৰ্ড বিভাগে উল্লেখ কৰিছে।