NORTHEAST NOW (Assamese)

বৰষুণে ম্লান পেলাব ৰঙালীৰ আনন্দ: পাঁচদিনলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

April 13, 2022 3:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 13, 2022 5:35 pm

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু উদযাপনত এইবাৰ বাৰুকৈয়ে ব্যাঘাত জন্মাব প্ৰতিকূল বতৰে। আগন্তুক পাঁচদিনলৈ অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

এই সময়ছোৱাত উত্তৰ-পূবৰ ৰাজ্যসমূহ, বিশেষকৈ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) পৰৱৰ্তী পাঁচ দিনৰ বাবে ছিকিম, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ব্যাপক বৰষুণৰ আগজাননী দিছে।

বুধবাৰৰ পৰা শনিবাৰৰ (১৩-১৬ এপ্ৰিল) ভিতৰত অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

বিভাগৰ আগজাননী অনুসৰি বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ (১৪-১৬ এপ্ৰিল) অৰুণাচল প্ৰদেশত অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

সেইদৰে বুধবাৰে (১৩ এপ্ৰিল)পশ্চিম বংগ আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

Related News