বতৰ বিজ্ঞান বিভাগৰ আগজাননী: অসমকে ধৰি উত্তৰ পূবৰ চাৰি ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ
অসমকে ধৰি উত্তৰ-পূবৰ চাৰিখন ৰাজ্যত অহা সপ্তাহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এক বিবৃতি যোগে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই আগজাননী দিছে।
প্ৰতিবেদন অনুসৰি উত্তৰ-পূবৰ চাৰি ৰাজ্য অসম, মেঘালয়, অৰুণাচল আৰু ছিকিমত ১ আগষ্টলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
weather.com ৰ ভৱিষ্যতবাণী অনুসৰি, উত্তৰ-পূব ভাৰত আৰু ইয়াৰ কাষৰীয়া উপ-হিমালয় অঞ্চল পশ্চিম বংগ আৰু ছিকিমত অহা পাঁচ দিনত, বৃহস্পতিবাৰৰ পৰা অহা সোমবাৰলৈ তীব্ৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
প্ৰতিবেদনত কোৱা হৈছে যে শনিবাৰৰ লৈকে উপ-হিমালয় অঞ্চল পশ্চিম বংগ আৰু ছিকিমত ১১৫.৫ মিলিমিটাৰৰ পৰা ২০৪ মিলিমিটাৰ আৰু শনিবাৰৰ পৰা সোমবাৰলৈ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত অতি ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।
সেয়েহে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰৰ পৰা সোমবাৰৰ ভিতৰত উপ-হিমালয় অঞ্চল পশ্চিম বংগ আৰু ছিকিমক অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।
আনহাতে অৰুণাচল, অসম আৰু মেঘালয়ত শনিবাৰৰ পৰা সোমবাৰৰ ভিতৰত একেই সতৰ্কতা আৰোপ কৰিছে বতৰ বিজ্ঞান বিভাগে।