• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াকে ধৰি ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিব তেলেংগানা চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 8:05 am
249b5cd22c6f096dce426af6e1da6059

তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও। ফাইল ফটো

2.2k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছ মহামাৰীৰ ফলত উদ্ভৱ হোৱা সাম্প্ৰতিক বিত্তীয় সংকটৰ মোকাবিলা কৰিবলৈ সকলো পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীৰে বৃহৎ পৰিমানৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত  তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে সোমবাৰে ঘোষণা কৰিছে।

তেলেংগানা ভৱনত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ পাছত কে চি আৰে কয়,’’কৰ’না ভাইৰাছে ৰাজ্যখনৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে। সেয়েহে ৰাজ্য চৰকাৰে সকলো ভাৱি চিন্তি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বিত্তীয় পৰিস্থিতি সন্দৰ্ভত প্ৰগতি ভৱনত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় আৰু বিভিন্ন দৰমহা আদায়ৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়।‘’

সিদ্ধান্ত অনুসৰি, মুখ্য মন্ত্ৰী, কেবিনেট মন্ত্ৰী, বিধায়ক, এম এল চি, ৰাজ্যিক নিগমৰ অধ্যক্ষসকল আৰু স্থানীয় নিকায়সমূহৰ প্ৰতিনিধিসকলে ৭৫ শতাংশ দৰমহা গ্ৰহণ কৰিব।

আই এ এছ, আই পি এছ আৰু আই এফ এছ কেডাৰকে ধৰি ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াসকলৰ ৬০শতাংশ দৰমহা কৰ্তন হ’ব। বাকী সকলো ৰাজ্যিক পৰ্যায়ৰ বিষয়াৰ ৫০ শতাংশ দৰমহা কৰ্তন হ’ব।

আনহাতে, চতুৰ্থ শ্ৰেণী আৰু চুক্তিভিত্তিক কৰ্মচাৰীৰ ১০ শতাংশ দৰমহা কৰ্তন কৰা হ’ব। সকলো পৰ্যায়ৰ পেঞ্চনধাৰীয়ে ৫০ শতাংশ ধন লাভ কৰিব।

চৰকাৰী অনুদান লাভ কৰা সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰো এমাহৰ বাবে দৰমহাৰ পৰা কৰ্তন কৰা হ’ব।

ৰাজ্যখনত দৰমহাৰ বাবদ মাহিলী প্ৰায় ৩,৫০০ কোটি টকা ব্যয় হয়। এই দৰমহা কৰ্তনৰ ফলত চৰকাৰে প্ৰায় ২০০০ কোটি টকা ৰাহি কৰিব বুলি আশা কৰা হৈছে।

Tags: COVID19

Recent News

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd