পূজা চোৱাত বাধা হ’ব পাৰে বৰষুণ! ধাৰাসাৰ বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

Northeast_rainfall

প্ৰতিনিধিত্বমূলক চিত্ৰ

বেয়া বতৰৰ বাবেই ম্লান পৰিব পাৰে দুৰ্গা পূজাৰ আনন্দ-উল্লাস। কিয়নো বিগত কিছুদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা প্ৰৱল বৃষ্টিপাত পূজাৰ দিনকেইটাতো অব্যাহত থকাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আজি এক জাননী যোগে প্ৰকাশ কৰিছে।

উল্লেখ্য যে সাগৰ পৃষ্ঠৰ ৩.১ কিলোমিটাৰ ওপৰত উৎপত্তি হোৱা ঘূৰ্ণি বতাহৰ বাবে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ঠাইত অব্যাহত আছে বৰষুণ।

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি কাইলৈ অৰ্থাৎ ১ অক্টোবৰত অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন অঞ্চলত প্ৰবল বৰষুণ দিব।

অৱশ্যে ২ আৰু ৩ অক্টোবৰত বৰষুণৰ পৰিমান কিছু পৰিমানে হ্ৰাস পাব। কিন্তু ৪ অক্টোবৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণৰ পৰিমান পুনৰ বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

উল্লেখ্য যে অহা শুকুৰবাৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ। যদিহে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী সঁচা হয় তেন্তে নিশ্চিতভাৱে ৰাজ্যবাসীৰ মাজত শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাস কিছু পৰিমানে হ্ৰাস পাব।