NORTHEAST NOW (Assamese)

কি ঘটিছিল? ২৫০০ কোটি টকাৰ উত্তৰাধিকাৰী যুৱকৰ নৃশংস অপৰাধ; শাস্তি যাৱজ্জীৱন কাৰাদণ্ড

January 27, 2025 12:48 pm · এন ই নাও নিউজ, গুৱাহাটী

২৫০০ কোটি টকাৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰাৰ পিছতো ব্ৰিটিছ যুৱক ডিলান থমাছ (২৪)য়ে নিজৰ বন্ধুক নিৰ্মমভাৱে হত্যা কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে। বন্ধুৰ হত্যাৰ অপৰাধত ব্ৰিটেইনৰ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

ডিলানে ২০২৩ চনৰ ২৪ ডিচেম্বৰ বৰদিনৰ আগদিনা কাৰ্ডিফৰ লাণ্ডাফ অঞ্চলৰ নিজৰ ঘৰত তেওঁৰ বন্ধু উইলিয়াম বুছ (২৩)ক হত্যা কৰে। নিষ্ঠুৰতাৰ মাত্ৰা ইমানেই ভয়ংকৰ আছিল যে তেওঁ বুছক শাক-পাচলি কটা কটাৰী আৰু ফ্লিক ছুৰীৰে ৩৭ বাৰ আঘাত কৰাৰ পিছত শিৰচ্ছেদ কৰে। হত্যাকাণ্ডৰ কিছু সময়ৰ পূৰ্বে থমাছে ডিঙিৰ শৰীৰবৃত্তৰ গঠনৰ বিষয়ে তথ্য বিচাৰি ইণ্টাৰনেটত চাৰ্চ কৰিছিল।

আদালতত প্ৰছিকিউটৰসকলে কয় যে মানসিক ৰোগৰ অজুহাত থাকিলেও সেয়া আছিল পৰিকল্পিত হত্যাকাণ্ড। ন্যায়াধীশগৰাকীয়ে এই কাণ্ডক “ভয়ংকৰ আৰু ঘৃণনীয়” বুলি অভিহিত কৰি কয় যে থমাছে নিজৰ ঘনিষ্ঠ বন্ধুক এনে স্থানত হত্যা কৰিছিল য’ত বুছে নিজকে নিৰাপদ অনুভৱ কৰিছিল।

বুছৰ ভগ্নী কেথেৰিনে এই হত্যাকাণ্ডক “বৰ্বৰ আৰু নিষ্ঠুৰ” বুলি অভিহিত কৰিছে। তেওঁৰ প্ৰেমিকা এলা জেফ্ৰিছে কয়, “উইলিয়াম মোৰ জীৱনৰ প্ৰেম আছিল। তেওঁৰ মৃত্যুৱে আমাৰ সপোন আৰু ভৱিষ্যত ধ্বংস কৰি পেলাইছে।”

ডিলান থমাছৰ পৰিয়ালে ১৯৫০ চনত “পিটাৰছ পাইজ” নামৰ খাদ্য উৎপাদন কোম্পানী এটা প্ৰতিষ্ঠা কৰে আৰু পিছলৈ দক্ষিণ ৱেলছ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সুনাম অৰ্জন কৰে। কিন্তু এতিয়া তেওঁলোকৰ উত্তৰাধিকাৰী ডিলানে ১৯ বছৰ কাৰাগাৰত কটাব লাগিব, য’ৰ পৰা তেওঁ আৰু ২৫০০ কোটি টকাৰ সম্পত্তিৰ মালিকীস্বত্ব ভোগ কৰিব নোৱাৰিব।

Related News