NORTHEAST NOW (Assamese)

আকৌ অথন্তৰ!এইবাৰ ৰাষ্ট্ৰপতি কোবিন্দৰ হেলিকপ্তাৰ আবদ্ধ হৈ পৰিল বোকাত

February 26, 2022 9:30 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ
Updated: February 26, 2022 9:33 pm

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনভয়ৰ খুন্দাত আজি এজন লোকৰ মৃত্যু ঘটাৰ পিছত আন এক বিপৰ্যয়ে দেখা দিলে।

আজি ৰাষ্ট্ৰপতি কোবিন্দ উঠি যোৱা হেলিকপ্তাৰ খন আবদ্ধ হৈ পৰে বোকাৰ মাজত।

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বিশেষ হেলিকপ্টাৰ যোগে অৱতৰণ কৰাৰ পাছতেই বোকাত আবদ্ধ হৈ পৰে ৰাষ্ট্ৰপতি গৰাকী উঠি অহা বিশেষ হেলিকপ্টাৰ খন।

অৱশ্যে টেক্টৰ ব্যৱহাৰ কৰি হেলিকপ্টাৰ খন বোকাৰ পৰা উদ্ধাৰ কৰা হয়।

দেশৰ ৰাষ্ট্ৰপতি গৰাকী কাজিৰঙা ভ্ৰমণ কৰাৰ কথা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই আগতীয়াকৈ গম পোৱাৰ পাছত অস্থায়ী হেলিপেড তৈয়াৰ কৰা হৈছিল।

সেই হেলিপেডৰ পৰীক্ষণ কৰাৰ পাছতো কিয় এনে কাণ্ড হবলৈ পালে তাকে লৈ সচেতন মহলৰ মাজত এতিয়া প্ৰশ্নৰ উদ্ৰেক ঘটিছে ।

বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ বাবে নে প্ৰাকৃতিক দুৰ্যোগৰ বাবে এনে হল সেয়া অৱশ্যে এতিয়ালৈকে স্পষ্ট হোৱা নাই।

ইপিনে আজি ৰাষ্ট্ৰপতিৰ কয়ভয়ৰ সৈতে যোৱা এখন বাহনে মহতিয়াই নিলে বোকাখাতৰ মিলনপুৰৰ ৰামেশ্বৰ ৰবিদাস নামৰ লোকজনক। ফলত লোক জনৰ থিতাতে মৃত্যু ঘটে।

Related News