NORTHEAST NOW (Assamese)

গুৱাহাটীত নাৰকীয় ঘটনা! কন্যাই সুপৰিকল্পিতভাৱে হত্যা কৰিলে মাতৃৰ

September 28, 2024 1:27 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: September 28, 2024 2:47 pm

শুকুৰবাৰে সন্ধিয়া অসমৰ গুৱাহাটীৰ চচল অঞ্চলৰ পৰা এগৰাকী নাবালিকা কিশোৰীক মাতৃক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

নাবালিকাগৰাকীয়ে ৪০ বছৰীয়া মাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ধৃত যুৱতীগৰাকী চচল অঞ্চলৰ বাসিন্দা।

সন্ধিয়া প্ৰায় ৭:৩০ বজাত পৰিয়ালটোৰ এপাৰ্টমেণ্টত সংঘটিত হয় এই ঘটনা।

অভিযুক্ত কিশোৰীগৰাকী এজন টেনিছ খেলুৱৈ আৰু এজন সুপৰিচিত টেনিছ প্ৰশিক্ষকৰ কন্যা।

অভিযোগ অনুসৰি তেওঁলোকে কৰি অহা কিছু তৰ্ক-বিতৰ্কৰ পিছত মাকক পটাগুটিৰে আঘাত কৰে।

অৱশ্যে ইচ্ছাকৃতভাৱে আঘাত কৰা নাছিল বুলি দাবী কৰা বুলি বাতৰি প্ৰকাশ পাইছে।

দেউতাক কিবা কামত যোৱাৰ পিছতে আৰম্ভ হৈছিল কাজিয়া।

অভিযুক্তই বাৰে বাৰে মাতৃক পটাগুটিৰে আঘাত কৰি হত্যা কৰা বুলি জানিব পৰা গৈছে।

Related News