বিশ্বত্ৰাস ক’ভিড১৯ত স্বগৃহলৈ উভতি অহা এচাম নিবনুৱা যুৱকে নতুন চিন্তাৰে আৰম্ভ কৰিছে “হেল্ল’ শইকীয়া”

IMG-20210215-WA0003

বিশ্বব্যাপী ক’ৰ’না অতিমাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ নিবনুৱা সমস্যাৰো বৃদ্ধি কৰিলে।  অসমৰ অন্য এক অৰ্থনৈতিক অন্তৰায় হৈছে নিবনুৱা সমস্যা।

ৰাজ্যৰ বাহিৰত বহু অসমীয়া যুৱক কৰ্মৰত হৈ স্বাৱলম্বীতাৰ পথ বাছি লৈছিল যদিও ভূতৰ ওপৰত দানহ পৰাদি সমগ্ৰ ভাৰতবৰ্ষত ক’ভিড-১৯-এ ত্ৰাসৰ সৃষ্টি কৰাত এইসকল যুৱক নিজ ৰাজ্যলৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল।

চৰকাৰে এইসকল যুৱকক কৰ্মসংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছিল যদিও সেয়া কেৱল ঘোষণাতে আৱদ্ধ হ’ল। বৰ্হিৰাজ্যত কোম্পানীৰ চাকৰি কৰি একোখনকৈ ঘৰ চলাই থকা যুৱকসকলৰ এতিয়া যেন পানীত হাঁহ নচৰা এক অৱস্থা।

তেনেসময়তে চেন্নাইত কৰি অহা অভিজ্ঞতাৰে গোলাঘাটৰ শালিকীহাট কানিমহল চাৰিআলিত উদ্যমী যুৱক বিক্ৰম শইকীয়াৰ উদ্যোগত প্ৰায় ১৫ জন নিবনুৱা যুৱকে আৰম্ভ কৰিছে এক নতুন চিন্তাৰ ব্যৱসায়। হেল্ল’ শইকীয়া চাৰ্ভিছ।

এই প্ৰতিষ্ঠানৰ যোগেদি বৰ্তমান সময়ৰ লগত খাপ খুৱাই বিভিন্ন কৰ্মৰ যোগেদি মানুহক সহায় কৰি স্বাৱলম্বী হ’বলৈ প্ৰচেষ্টা লৈছে।

এই সেৱাত উপলব্ধ হ’ব বিয়া-সবাহ বা যিকোনো সভা-সমিতি, অনুষ্ঠানৰ যাৱতীয় সকলো সা-সুবিধা, বাজেট নিৰ্ধাৰণ, যাতায়ত, গৃহ সজ্জা, ৱাল পেইন্টিং, শ্ৰমিক যোগান, বিদ্যালয়-মহাবিদ্যালয়ৰ বিভিন্ন অনুষ্ঠান, ফ’টগ্ৰাফী, ভিডিঅ’গ্ৰাফী, ই-টিকট যোগাযোগ আদি।

বৰ্তমান সময়ৰ অভাৱত মানুহৰ বাবে আগবঢ়োৱা এখনি সহায়ৰ হাত হৈছে হেল্ল’ শইকীয়া চাৰ্ভিছ। ইয়াৰ যোগেদি আপুনি-আমি লাভান্বিত হোৱাৰ লগতে এদল নিবনুৱাৰ স্বাৱলম্বীতাৰ বাট মুকলি হ’ব বুলি আশা কৰা গৈছে।

এক নতুন উদ্যমেৰে  দেওবাৰে এই প্ৰতিষ্ঠানটো মুকলি কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াই আৰু লগতে উপস্থিত থাকে সমাজকৰ্মী জিতুল হাজৰিকা। এই যাত্ৰাত হেল্ল’ শইকীয়াৰ সকলো কৰ্ম-কৰ্তাই গোলাঘাটবাসীৰ সহায়-সহযোগ কামনা কৰিছে।