NORTHEAST NOW (Assamese)

মুম্বাই বিমানবন্দৰত উদ্ধাৰ ১০০ কোটিতকৈও অধিক মূল্যৰ হেৰ’ইন: ঘানাৰ মহিলাসহ দুগৰাকীক গ্ৰেপ্তাৰ

October 6, 2022 7:51 pm · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰমশ: ড্ৰাগছ সৰবৰাহৰ ঘাটিত পৰিণত হৈছে দেশৰ বিমানবন্দৰ সমূহ। বিগত কেইমাহমান ধৰি দেশৰ কেইবাটাও বিমানবন্দৰত চোৰাংকৈ সৰবৰাহ কৰা নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হৈছে। আজি পুনৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (DRI)- এ মুম্বাই বিমানবন্দৰত ১০০ কোটিতকৈও অধিক মূল্যৰ প্ৰায় ১৬ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰিছে।

এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ঘানাৰ এগৰাকী মহিলা আৰু এগৰাকী বিমান যাত্ৰীক গ্ৰেপ্তাৰ কৰিছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ অভিযানৰ অংশ হিচাপে ঘানাৰ মহিলাগৰাকীক দিল্লীৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বুলি তেওঁ লগতে কয়।

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ মুম্বাই গোটে মঙলবাৰে ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গোপন সূত্ৰৰ জৰিয়তে আফ্ৰিকান দেশ মালাৱীৰ পৰা কাটাৰ হৈ মুম্বাইলৈ যাত্ৰা কৰা এজন যাত্ৰীয়ে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলোৱা বুলি তথ্য লাভ কৰিছিল।

এই তথ্যৰ আধাৰত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে মুম্বাই বিমানবন্দৰত পৰীক্ষণৰ বাবে এটা দল নিয়োগ কৰিছিল। এই দলটোৱে এগৰাকী সন্দেহযুক্ত যাত্ৰীক বাধা দিয়াৰ পিছত তেওঁৰ লাগেজৰ পৰীক্ষাৰ সময়ত ট্ৰলীবেগত লুকুৱাই থোৱা 16 কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে।

জব্দকৃত হেৰ’ইনখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ১০০ কোটি টকাতকৈও অধিক হ’ব বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে লগতে যাত্ৰীগৰাকীক লগে লগে গ্ৰেপ্তাৰ কৰা হয় বুলি জানিবলৈ দিয়ে। শেহতীয়া খবৰ অনুসৰি স্থানীয় আদালতে অভিযুক্ত যাত্ৰীগৰাকীক ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

আনহাতে ঘটনাৰ বিস্তৃত তদন্তত দিল্লীত এই নিষিদ্ধ দ্ৰব্যৰ চোৰাং বেহা চলাই থকা ঘানাৰ মহিলাগৰাকীৰ তথ্য পোৱা যায় আৰু দিল্লীৰ এখন হোটেলৰ পৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। দিল্লীৰ এখন আদালতে প্ৰদান কৰা ট্ৰেঞ্জিট ৰিমাণ্ডত মহিলাগৰাকীক মুম্বাইলৈ লৈ যোৱা হয় বুলি তেওঁ লগতে উল্লেখ কৰে।

Related News