NORTHEAST NOW (Assamese)

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

January 28, 2021 3:35 pm · এন ই নাও নিউজ

অসম ৰাইফলছৰ ২৩ ছেক্টৰ আইজল বেটেলিয়নে মিজোৰামৰ আবকাৰী বিভাগৰ সৈতে যুটীয়া অভিযান চলাই আইজলৰ দক্ষিণ খাটলা অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ হিৰোইন জব্দ কৰিবলৈ সক্ষম হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছ নেতৃত্বাধীন দলটোৱে বুধবাৰে এই বৃহৎ পৰিমাণৰ নিষিদ্ধ দ্ৰব্যখিনি জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।

অভিযানকাৰী দলটোৱে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দুগৰাকী লোকক প্ৰশ্ন কৰাৰ বাবে আটক কৰিছে আৰু তেওঁলোকৰ পৰা ৬৯৫০০ টকা জব্দ কৰে।

অভিযানকাৰী দলটোৱে জব্দ কৰা হিৰোইনখিনিৰ বজাৰ মূল্য ৯ লাখ টকাৰো অধিক হ’ব বুলি অভিযানকাৰী দলটোৱে জানিব দিছে।

উল্লেখযোগ্য যে, মিজোৰামত ভাৰত-ম্যানমাৰ সীমান্তৰে চলি অহা নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহ এক বৃহৎ প্ৰত্যাহ্বান ৰূপে দেখা দিছে।

কিছু দিন পূৰ্বে অসম ৰাইফলছৰ এটা দলে ভাৰত-ম্যানমাৰ সীমান্তত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰিছিল।

Related News