NORTHEAST NOW (Assamese)

হিতাধিকাৰীৰ প্ৰসংগকলৈ কংগ্ৰেছ আৰু ৰিপুন বৰাক কঠোৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ

October 31, 2020 12:30 pm · এন ই নাও নিউজ
বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অসমৰ চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি হিতাধিকাৰীৰ প্ৰসংগকলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰে।

ৰিপুন বৰাই অৰুণোদয় আঁচনিক সমালোচনা কৰাৰ প্ৰসংগকলৈ হিমন্ত বিশ্ব শৰ্মাই এয়া ৰিপুন বৰাৰ বিকৃত মানসিকতাক সূচায় বুলি উল্লেখ কৰাৰ লগতে অৰুণোদয় আঁচনি ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে বুলি কয়।

‘‘ৰিপুন বৰাই সাংসদৰ দৰমহা পায়, পৰিয়ালৰ লোকে পেন্সন পায় তেওঁলোকক অৰুণোদয় আঁচনিৰ প্ৰয়োজন নহ’ব পাৰে কিন্তু ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণক এই আঁচনিৰ প্ৰয়োজন আছে,’’ হিমন্ত বিশ্ব শৰ্মাই কয়।

আনহাতে, বৰাই কোনবোৰ হিতাধিকাৰীৰ কথা কৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই উভতি ধৰি বাঘবৰ, জনিয়া, দক্ষিণ শালমাৰা আদিৰ হিতাধিকাৰীয়ে বিজেপিক ভোট দিব নেকি বুলি প্ৰশ্ন কৰে।

‘‘মই বাঘবৰ, জনিয়ালৈ ভোট বিচাৰি নাযাও, গ’লেও তেওঁলোকে বিজেপিক ভোট নিদিয়ে। সেই সমষ্টিৰ ছাত্ৰ-ছাত্ৰীয়ো বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিছে। ৰাজনীতি মানুহৰ আশীৰ্বাদ লাভৰ বাবে কৰিব লাগে অভিশাপৰ বাবে নহয়,’’ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

সংবাদমেলত শৰ্মাই ৰাজ্যৰ দৰিদ্ৰ লোকে অৰুণোদয় আঁচনিৰ মাধ্যমেৰে ৪০০ টকাৰ অধিক মূল্যৰ ঔষধ, ৫০ শতাংশ দামত দাইল, তেল আদি ক্ৰয়ৰ সুবিধা লাভ কৰিব বুলিও মত প্ৰকাশ কৰে।

Related News