আলফাৰ উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পন কৰাৰ পিছতে নাটকীয় ভাৱে আজি মেঘালয়ৰ গাৰো পাহাৰত আৰক্ষীয়ে উদ্ধাৰ কৰে এণ্টি-টেংক গুলীৰ এক বিশাল ভাণ্ডাৰ৷
এই গুলীৰ ভাণ্ডাৰত ২৫৪টা এণ্টি-টেংক গুলী থকা বুলি জানিব পৰা গৈছে। মেঘালয় আৰক্ষীৰ এটা দলে দামালগ্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নাৰাগ্ৰী অঞ্চলৰ হাবিত মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে এই গুলীৰ ভাণ্ডাৰ৷
এই অঞ্চলটো তুৰাৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ দূৰৈত অৱস্থিত ।
গাৰো সশস্ত্ৰ বিদ্ৰোহী সংগঠন জি এনএলএৰ সৱল ভেটি থকা অঞ্চলটোত এনেদৰে গুলীৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ কথাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ধাৰণা কৰা অনুসৰি সেই গুলী আলফাই জি এনএলএক দিছিল।