উচ্চ ৰক্তচাপ: চাহ বাগিচাৰ শ্ৰমিকৰ বাবে প্ৰয়োজন চিকিৎসাৰ ধাৰাবাহিকতা

Tea estate(1)

৫৯ বছৰীয়া ষ্ট্ৰোক আক্ৰান্ত চাহ শ্ৰমিক পাৰ্বতী ৰাজপুত সুস্থ হোৱাৰ পিছত যেতিয়া চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল, চিকিৎসকে ২০ দিন পিছত পুনৰ এবাৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ আহিবলৈ পৰামৰ্শ দিছিল। লগতে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়ত লগত দি পঠিওৱা ঔষধসমূহ নিয়্মীয়াকৈ খাবলৈ কৈছিল।

কিন্তু চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ দুদিনমানৰ পিছত তেওঁৰ দৰব খোৱা অনিয়মীয়া হৈ পৰিল। আৰু চিকিৎসকে পৰীক্ষাৰ বাবে যাবলৈ দিছিল যদিও, তেওঁ আৰু দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়লৈ নগ’ল।

পাৰ্বতী ৰাজপুত ডিব্ৰুগড়ৰ জিলাৰ লাহোৱালৰ গ্ৰীণউদ চাহ বাগিছাৰ শ্ৰমিক। দীৰ্ঘদিন ধৰি উচ্চ-ৰক্তচাপৰ সমস্যাত ভূগি থকা পাৰ্বতী  ৰাজপুত যোৱা বছৰ নৱেম্বৰ মাহত ষ্ট্ৰোকত আক্ৰান্তহৈ সংজ্ঞাহীন হৈ পৰিছিল।অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।তাত তেওৰ স্বাস্থ্যৰ বিশেষ উন্নতি নোহোৱাত পিছদিনা এখন ব্যক্তিগত চিকিৎসালয়ললৈ স্থানান্তৰ কৰা হয়।প্ৰায় এসপ্তাহ হাস্পতালত থকাৰ পিছত তেও কিছু পৰিমাণে সুস্থ হোৱাত ঘৰলৈ যাবলৈ দিয়া হয়।

কেবল পাৰ্বতী ৰাজপুতেই নহয় চাহ শ্ৰমিকসকলৰ বেছি ভাগেই চিকিৎসাৰ ধাৰাবাহিকতা ৰক্ষা নকৰে। ৰোগত আক্ৰান্ত শ্ৰমিকসকলে অলপ সুস্থ হ’লেই দৰৱ খোৱা বন্ধ কৰে আৰু বাগিচাৰ কামত ধৰে।বেছিভাগ শ্ৰমিকেই পৰীক্ষাৰ বাবে দুনাই চিকিৎসকৰ ওচৰলৈ নাযায়।

আচলতে আৰ্থিক অনাটনৰ বাবেই এই শ্ৰমিকসকল অসুস্থ হ’লেও দীৰ্ঘদীন বিশ্ৰাম লৈ থাকিব নোৱাৰে আৰু শৰীৰ অলপ টঙাব পাৰিলেই বাগিচাৰ কামত যাব বিচাৰে।

আনহাতে, চাহ শ্ৰমিক সকলৰ মাজত যিহেতু এতিয়াও শিক্ষিতলোকৰ সংখ্যা নিচেই তাকৰ, সেয়ে তেওঁলোকৰ মাজত স্বাস্থ্য সচেতনতা একেবাৰে কম। স্বাস্থ্য সচেতনতাৰ অভাৱৰ বাবেই  উচ্চ-ৰক্তচাপৰ দৰে নীৰৱ ঘাতক ৰোগৰ ভয়াৱ্হতা তেওঁলোকে উপলদ্ধি কৰিব নোৱাৰে।

এই লেখকে ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাট জিলাৰ পাচখন চাহ বাগিচা ভ্ৰমণ কৰি জানিব পাৰিছিল উচ্চ-ৰক্তচাপৰ সমস্যা থকা বহু শ্ৰমিকে তেওঁলোক যে সেই ৰোগত আক্ৰান্ত সেই বিষয়ে জ্ঞাত নহয়।কাৰণ বেছিভাগ শ্ৰমিকেই ৰক্তচাপ পৰীক্ষা নকৰে। প্ৰসংগক্ৰমে,বিশেষজ্ঞ চিকিৎসকৰ মতে উচ্চ-ৰক্তচাপৰ আক্ৰান্ত হলেও সাধাৰণতে ৰোগীৰ শৰীৰত কাচিৎহে লক্ষণ ধৰা পৰে।

জ্বৰ, কাহ, বমি, ডায়েৰীয়া বা মহিলাসকলৰ প্ৰসুতিজনিত সমস্যাই দেখা দিলে চিকিৎসকৰ ওচৰলৈ গ’লেহে তেওঁলোক বহুতৰে উচ্চ-ৰক্তচাপৰ সমস্যা ধৰা পৰে।

আনহাতে, অধিকাংশ শ্ৰমিকেই যিহেতু উচ্চ-ৰক্তচাপৰ সমস্যাত ভুগি থাকিলেও নিজে গম নাপায়, সেইকাৰণে এই ৰোগত ল’ব লগীয়া সাৱ্ধানতাসমূহ তেওঁলোকে লোৱা দেখা নাযায়। ল’বলগীয়া সাৱ্ধানতাসমূহ যেনে পটেছিয়ামযুক্ত খাদ্য খোৱা (কল, কমলা, পালেং শাক, ব্ৰকলি আদি), খাদ্যত নিমখৰ পৰিমাণ কমোৱা, সুৰাপান আৰু ধুমপান সেৱন বন্ধ কৰা, ব্যায়াম কৰা, খোজকঢ়া, নিয়মীয়াকৈ ঔষধ খোৱা আৰু সময়ে সময়ে ৰক্তচাপ পৰীক্ষা কৰা আদি লোৱা দেখা নাযায়।

পাৰ্বতী ৰাজপুত

ৰক্তচাপৰ পৰিমাণ বাঢ়ি গৈ হঠাৎ ষ্ট্ৰোকত আক্ৰান্ত হয় আৰু বহু শ্ৰমিক এনেদৰে মৃত্যু মুখত পৰে।বিশেষজ্ঞ চিকিৎসকৰ মতে দীৰ্ঘদীন উচ্চ-ৰক্তচাপৰ সমস্যাত ভুগি থকা ৰোগীসকলে পিছত মগজু, কিডনী, হৃদযন্ত্ৰৰ সমস্যাত ভোগাৰো আশংকা থাকে।

ৰক্তচাপৰ সমস্যা থকা লোকসকলে ৰক্তচাপৰ নিয়্ন্ত্ৰণত ৰাখিবলৈ নিয়মীয়াকৈ ঔষধ খোৱাটো অত্যন্ত দৰকাৰী।

ৰক্তচাপ জনিত ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা শ্ৰমিকৰ তথ্য পোৱা হোৱা নাই যদিও একাংশ চাহ বাগিচাৰ চিকিৎসালয়ৰ পৰা লাভ কৰা তথ্যমতে গড় হিচাপত এহেজাৰৰ পৰা পোন্ধৰ শ শ্ৰমিক থকা অসমৰ প্ৰতিখন চাহ বাগানত বছৰি ১৫-২০ জন শ্ৰমিক উচ্চ-ৰক্তচাপ জনিত ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হয়।

উল্লেখযোগ্য যে, বাগিচাৰ চিকিৎসালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি ডিব্ৰুগড়ৰ জিলাৰ লাহোৱালৰ গ্ৰীণউদ চাহ বাগিচাত ২০১৯ চনৰ অক্টোবৰ মাহৰ মাহৰ পৰা ২০২০ চনৰ জুলাই মাহৰ ভিতৰত ১৩ গৰাকী শ্ৰমিক ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হৈছে।

বাগিচাৰ মালিক/ চৰকাৰৰ কৰণীয়ঃ

ৰক্তচাপ জনিত ষ্ট্ৰোকত আক্ৰান্ত হৈ প্ৰতি বছৰে শতাধিক  চাহ শ্ৰমিকৰ মৃত্যু হয় যদিও বাগিচাৰ মালিক নাইবা চৰকাৰৰ কোনেও বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই।

বাগিচাৰ মালিক পক্ষ  বা চৰকাৰৰ ফালৰ কিছু ব্যৱ্স্থা ল’লে এইৰোগ অন্তত কিছুপৰিমাণে হ’লেও নিয়ন্ত্ৰণ কৰিব পৰা যাব। বিশেষকৈ যদি প্ৰতি মাহে এবাৰকৈ শ্ৰমিকসকলৰ ৰক্তচাপ পৰীক্ষা কৰা আৰু উচ্চ-ৰক্তচাপ ধৰা পৰা শ্ৰমিকসকলক ল’ব লগীয়া সাৱ্ধানতাসমূহ লোৱাৰ বাবে সজাগ কৰা হয় তেতিয়া হ’লে ই নিঃসন্দেহে ফলপ্ৰসূ হ’ব।

সেইদৰে, চৰকাৰেও উচ্চ-ৰক্তচাপৰ সমস্যা নিয়্ন্ত্ৰণৰ বাবে পঞ্জাৱ চৰকাৰে গ্ৰহণ কৰা India Hypertension Control Initiative (IHCI) অৰ দৰে পদক্ষেপ ল’লে আশানুৰুপ ফল পোৱা যাব বুলি ক’ব পাৰি।

(এই লেখাটো ৰিটছ্ মিডিয়া ফেল’শ্বিপৰ অংশ)