NORTHEAST NOW (Assamese)

জামিন পালে এ পি এছ চি কেলেংকাৰীত গ্রেপ্তাৰ হোৱা ৯ গৰাকী ৰাজপত্রিত বিষয়াই

October 4, 2018 1:49 pm · এন ই নাও নিউজ

জামিন লাভ কৰিলে এ পি এছ চি কেলেংকাৰীত অভিযুক্ত ৯ গৰাকীকৈ ৰাজপত্রিত বিষয়াই। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এ পি এছ চি কেলেংকাৰীত জড়িত হৈ গ্ৰেপ্তাৰ হোৱা  ৯ গৰাকী এ চি এছ আৰু এ পি এছ বিষয়াৰ জামিন মঞ্জুৰ কৰে।

জামিন পোৱা বিষয়া কেইগৰাকী হৈছে দীপক খনিকৰ, কুনাল দাস, সুদিপ্তা গোস্বামী, গীতালি দলে, ৰুমী শইকীয়া, সুনয়না আইদেউ, চাব্বিৰা ইমৰাণ, দিলীপ কুমাৰ কলিতা আৰু বদৰুল ইছলাম।

উক্ত বিষয়া কেইগৰাকীক যোৱা বৰ্ষৰ ৮ নবেম্বৰত গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী কৰি ৰখা হৈছিল।

উল্লেখযোগ্য যে এ পি এছ চি কেলেংকাৰীত এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ পালকে ধৰি মুঠ ৫৪ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ ৰুমী কুমাৰী ফুকনে উপৰুক্ত ৯ গৰাকী ৰাজপত্রিত বিষয়াৰ জামিন মঞ্জুৰ কৰে।

Related News