• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটা জিলা উচ্চ পৰ্যায়ৰ পথ সুৰক্ষা সমিতিৰ বৈঠক : ১১,৯২৫ টা গোচৰ ৰুজু, ২.১০ কোটিৰ জৰিমনা সংগ্রহ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
December 28, 2020 7:13 pm
IMG-20201228-WA0005
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পথ-সুৰক্ষাৰ বাবে ৰূপায়িত আইনসমূহ কঠোৰ ভাবে কাৰ্যকৰী কৰিবলৈ বৰপেটা লোক সভাৰ সাংসদ আব্দুল খালেকে আহ্বান জনাইছে।

আজি বৰপেটা জিলা উচ্চ পৰ্যায়ৰ পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰি তেওঁ কয় যে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰশ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেয়েহে আনকি গাঁৱে-ভূঞে চলি থকা বাহনসমূহৰ অ’ভাৰ-লোডিঙৰ বিৰুদ্ধেও আৰক্ষী তথা পৰিবহন বিভাগক কঠোৰ হবলৈ তেওঁ পৰামৰ্শ দিয়ে।

ইফালে বৰপেটা-পাটাছাৰকুছিৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম পূৰ্ব নিৰ্ধাৰিত ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি সাংসদজনে অহা ৩১ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰিলে কে এম চি নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোক ব্লেক লিষ্টেড কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাব বুলি সকীয়াই দিয়ে।

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে ভাৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া হিমাংশু দাসে বৰপেটা জিলাৰ পথ সুৰক্ষাৰ বিভিন্ন দিশৰ ব্যাখ্যা দাঙি ধৰি কয় যে জিলা পথ সুৰক্ষা সমিতিৰ আশাসুধীয়া প্ৰচেষ্টা আৰু ৰাইজৰ সহযোগিতাৰ ফলত যোৱা বছৰৰ তুলনাত চলিত বৰ্ষত পথ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

এই সম্পৰ্কত পৰিসংখ্যা দাঙি ধৰি তেওঁ কয় যে যোৱা বছৰ ছেপ্টেম্বৰ মাহত সংঘটিত ৪৭ টা পথ দুৰ্ঘটনাৰ বিপৰীতে এই বছৰৰ একে মাহত ১৯ টা দুৰ্ঘটনা সংঘটিত হৈছে। একেদৰে অক্টোবৰ মাহত যোৱা বছৰ ৪৫ টা দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এইবছৰ ১৪ টা দুৰ্ঘটনা জিলাখনত সংঘটিত হয়। নৱেম্বৰ মাহৰ পৰিসংখ্যা হ’ল ৪০ আৰু ১৭।

তেওঁ লগতে জনোৱা মতে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে প্ৰচাৰমূলক সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে বিধি বহিৰ্ভূত যান-বাহন চালকৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই যোৱা ২০১৯-২০ বিত্তীয় বৰ্ষটোত এই পৰ্যন্ত ১১, ৯২৫ টা গোচৰ ৰুজু কৰি ২.১০ কোটি টকা জৰিমনা সংগ্ৰহ কৰা হৈছে।

সভাত পাৱাৰ প‌ইন্ট উপস্থাপনৰ জৰিয়তে বৰপেটা জিলাৰ পথসমূহৰ স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি তাৰ আসোঁৱাহসমূহ দূৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়।

সভাত অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ আৰু নৱজিৎ পাঠক, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, লোক নিৰ্মাণ পথ বিভাগৰ বৰপেটা ক্ষেত্ৰীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভাৰত দাস, সৰভোগ সংমণ্ডলৰ কামজিৎ দাস, যান-বাহন পৰিদৰ্শক পঙ্কজ দাস, বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ প্ৰতিনিধি, নিৰ্মাণ কাৰী সংস্থা কে এম চিৰ প্ৰতিনিধি আদি উপস্থিত থাকে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

August 24, 2025 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd