স্কুলৰ য়ুনিফৰ্মত পাঠশালা ৰে’লৱে ষ্টেশ্যনত অচিনাকি কিশোৰী উদ্ধাৰ

Pathsala

প্ৰতিনিধিত্বমূলক ছবি

পাঠশালা ৰে’লৱে ষ্টেশ্যনত আজি দিনৰ প্ৰায় ২:৩০ বজাত এগৰাকী ১৪ বছৰীয়া কিশোৰী উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে উজনিমুৱা কামৰূপ এক্সপ্ৰেছত উঠি অহা স্কুলৰ ইউনিফৰ্ম পৰিহিত কিশোৰীগৰাকীক সেই সময়ত ষ্টেশ্যনত থকা চাৰিজন ব্যক্তিয়ে সন্দেহজনক অৱস্থাত উদ্ধাৰ কৰি পাঠশালা ৰে’লৱে ষ্টেশ্যনটোৰ অধীক্ষকক চমজাই দিয়ে।

পাঠশালা ৰে’লৱে আৰক্ষীৰ এক সূত্ৰই জনোৱা অনুসৰি উদ্ধাৰ হোৱা কিশোৰী গৰাকী ডাৰাবাৰী হাইস্কুলৰ নৱম শ্ৰেণী ছাত্ৰী। তেওঁ কোকৰাঝাৰৰ ডাৰাবাৰী বাগানত কৰ্মৰত লামগো তিৰাং নামৰ লোকজনৰ জীয়েক।

আনহাতে কাৰ লগত, কি কাৰণত আৰু আৰু কিদৰে কিশোৰী গৰাকী ট্ৰেইনত পাঠশালা আহি পালেহি সেই কথা বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।

সম্প্ৰতি ৰে’ল কৰ্তৃপক্ষই কিশোৰী ছাত্ৰী গৰাকীক বৰপেটা ৰোড ৰে’ল আৰক্ষীক চমজাই দিছে। আৰক্ষীৰ তদন্তৰ অন্ততহে সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহিব।