চাকৰিৰ বজাৰত মন্দাৱস্থাৰ প্ৰভাৱ; বিগত তিনিবছৰত বৃদ্ধি পালে সৰ্বাধিক নিবনুৱাৰ হাৰ!

26462-untitled2520design2520285129-20170726052701

প্ৰতিনিধিত্বমূলক ফটো। উৎস: ডিএনএ

দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ কথা লাহে লাহে জনসাধাৰণে ভালদৰে বুজিবলৈ আৰম্ভ কৰিছে। দৈনন্দিন জীৱন যাত্ৰাত ইতিমধ্যে ৰাইজে তাৰ প্ৰভাৱ উপলব্ধি কৰিছে।

পিচে, অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে এইবাৰ চাকৰিৰ বজাৰত। নিবনুৱাৰ ক্ষেত্ৰত এইবাৰ দেশৰ তিনি বছৰৰ পুৰণি অভিলেখ ভাঙিল।

“চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি’য়ে নিবনুৱা সন্দৰ্ভত দাখিল কৰা পৰিসংখ্যাই এই কথা স্পষ্ট কৰিছে।

কোৱা হৈছে, চলিত বছৰৰ অক্টোবৰ মাহত দেশত নিবনুৱাৰ হাৰ ৮.৫ শতাংশ যিটো বিগত তিনিবছৰৰ ভিতৰত সৰ্বাধিক।

২০১৬চনৰ অক্টোবৰ মাহৰ পাছত ইমান বেয়া অৱস্থা পূৰ্বে হোৱা নাছিল। আনকি বিমুদ্ৰাকৰণৰ পাছতো নিবনুৱাৰ হাৰ ইমান বৃদ্ধি পোৱা নাছিল।

অৰ্থনীতিবিদসকলে ধাৰণা কৰা অনুসৰি আৰ্থিক মন্দাৱস্থাই নিবনুৱা সমস্যা বৃদ্ধিৰ মূল কাৰণ। বিমুদ্ৰাকৰণ আৰু জিএছটিৰ ফলত অসংগঠিত খণ্ডত হোৱা বৃহৎ ক্ষতিৰ প্ৰভাৱ লাহে লাহে পৰিবলৈ আৰম্ভ কৰিছে।

সাধাৰণ লোকৰ হাতত নগদ ধনৰ যোগান কমি যোৱাৰ ফলত বজাৰত চাহিদা হ্ৰাস পাইছে। স্বাভাৱিকতেই চাহিদা হ্ৰাস পোৱাৰ ফলত ডাঙৰ ডাঙৰ সংস্থাবোৰে উৎপাদন হ্ৰাস কৰিবলগীয়া হৈছে।

ইয়াৰ ফলত সাধাৰণ শ্ৰেণীৰ লোকে চাকৰি হেৰুৱাবলগীয়া হৈছে। ক্ষুদ্ৰ দোকানী-ব্যৱসায়ীসকলো বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে।

এনে এক পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ বাবে চৰকাৰৰ কোনো ভূমিকা দেখা যোৱা নাই বা কোনো উদ্যোগ গ্ৰহণৰ প্ৰচেষ্টা চকুত পৰা নাই। বৰঞ্চ শাসকীয় পক্ষই অৰ্থনৈতিক মন্দাৱস্থাৰ কথা অস্বীকাৰ কৰাৰ চেষ্টাহে চলাই আহিছে।

আনহাতে, “চেন্টাৰ ফৰ ছাষ্টেইনেবল এমপ্লিমেন্ট’ নামৰ এখন গৱেষণা পত্ৰত আন এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। সন্তোষ মেহৰোত্ৰা আৰু যযাতি কে পৰিদা নামৰ দুগৰাকী অৰ্থনীতিবিদে প্ৰকাশ কৰিছে এই গৱেষণা পত্ৰখন।

তেওঁলোকে দাবী কৰা মতে, ২০১১-১২ বিত্তবৰ্ষৰ পৰা ২০১৭-১৮ বিত্তবৰ্ষ পৰ্যন্ত দেশখনত প্ৰায় ৯০ লাখ সংস্থাপনৰ সুযোগ হ্ৰাস পাইছে।

য়ুপিএ’ৰ শাসনৰ অন্তিম তিনিবছৰ আৰু মোদী চৰকাৰৰ প্ৰথম চাৰি বছৰ এনে পৰিস্থিতিৰ বাবে দায়ী। সেয়াই নহয়, বিগত তিনি বছৰ ধৰি ধাৰাবাহিকভাৱে সংস্থাপনৰ সুযোগ হ্ৰাস পোৱা বুলিও গৱেষণা পত্ৰখনত কোৱা হৈছে।

স্বাভাৱিকতে এনে পৰিসংখ্যা সত্য হ’লে দেশৰ অৰ্থনীতিৰ বাবে ই এক অশনি সংকেত। অৰ্থনীতিবিদ সকলৰ দাবী যে যিধৰণে লোকে চাকৰি হেৰুৱাব আৰম্ভ কৰিছে সেয়া ৰোধ নহ’লে অৰ্থনীতি মূৰ দাঙি উঠাটো জটিল হৈ পৰিব।