হিজবুল মুজাহিদিনৰ সদস্য শ্বাহনৱাজ আলমে পুৰণিগুদামত শিক্ষা গ্ৰহণ কৰিছিল

শেহতীয়াকৈ সমগ্ৰ দেশতে সৰৱ চৰ্চা চলা হিজবুল মুজাহিদিনৰ সদস্য শ্বাহনৱাজ আলমে নগাঁৱৰ পুৰণিগুদামত অৱস্থিত পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া শুনা কৰিছিল বুলি প্ৰচাৰ হোৱা খবৰে সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ গ্ৰপ্তাৰ হোৱা হিবজুল মুজাহিদিনৰ সদস্য শ্বাহনৱাজ আলমে পুৰণি গুদামৰ মোমায়েকৰ ঘৰত থাকি পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিল।

আনহাতে স্থানীয় লোকৰ মতে পঢ়াশুনা শেষ হোৱাৰ পিছতো সঘনে পুৰণিগুদামৰ মোমায়েকৰ গৃহলৈ আহ-যাহ চলি আছিল শ্বাহনাজৰ। অৱশ্যে এই কথা অস্বীকাৰ কৰিছে মোমায়েকে।

পুৰণিগুদাম বাপুজী পুথিভঁৰাল খেলপথাৰ প্ৰাংগণত থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ এখন ফাৰ্মাচীত প্ৰায় তিনি বছৰৰ আগতে ধৃত শ্বাহনৱাজ আলমে কাম কৰিছিল। কিন্তু শেহতীয়াকৈ চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ পথ নিৰ্মাণ হোৱাত উক্ত ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ ভাঙিব লগীয়া হোৱাত ফাৰ্মাচীখন বন্ধ হোৱাত শ্বাহনৱাজ আলমে পুৰণিগুদামৰ পৰা নিজ গৃহ যমুনামুখলৈ গুচি গৈছিল।

অৱশ্যে শ্বাহনৱাজ আলমে হিবজুল মুজাহিদীনৰ ৰক্তৰ বীজ পুৰণিগুদাম নে যমুনামুখত গ্ৰহণ কৰিছিল সেই কথাহে গুৰুত্বপূৰ্ণ বুলি নাগৰিকৰ মাজত সৰৱ চৰ্চাৰ সৃষ্টি হৈছে ।