আইএএএফ কণ্টিনেণ্টেল কাপ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে হিমাই

d-2-570x320

ধিং এক্সপ্ৰেছ হিমাই ৮ ছেপ্টেম্বৰৰ পৰা চেক ৰিপাব্লিকত অনুষ্ঠিত হ’বলগীয়া আইএএএফ কণ্টিনেণ্টেল কাপ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ কাৰণ হৈছে জুনিয়ৰৰ ৪০০ মিটাৰ বিশ্বচেম্পিয়ন হোৱা হিমাৰ বাবে এতিয়া জীৰণিৰ প্ৰয়োজন হৈছে বুলি প্ৰকাশ কৰিছে এথলেটিকছ ফেডাৰেশ্যন অব ইণ্ডিয়াই।

উল্লেখ্য যে চিক ৰিপাব্লিকৰ অ’ষ্ট্ৰাভাত ৮-৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই বৰ্ষৰ অন্তিমখন আইএএএফ প্ৰতিযোগিতাত যোগ দিবলগীয়া ৭ গৰাকী ভাৰতীয় এথলীটৰ মাজত হিমাও অন্তৰ্ভুক্ত আছিল।

অষ্ট্ৰেলিয়াৰ এনেললাইজ ৰুবিয়ে এছিয়া-পেচিফিকৰ দ্বিতীয়গৰাকী দৌৰবিদ হিচাপে হিমাৰ স্থান গ্ৰহণ কৰিছে।

কণ্টিনেণ্টেল কাপত ইউৰোপ, আফ্ৰিকা, আমেৰিকা আৰু এচিয়া-প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰসমূহে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ ১৮ টা ইভেণ্টৰ লগতে ৪×৪০০ মিটাৰৰ মিক্সড ৰেলী থাকিব।

চাৰিওটা অঞ্চলৰ পৰা বছৰটোৰ দুগৰাকীকৈ শীৰ্ষ খেলুৱৈয়ে কণ্টিনেণ্টেল কাপত অংশগ্ৰহণ কৰিব।

এথলেটিকছ ফেডাৰেশ্যন অব ইণ্ডিয়াই গ্ৰহণ কৰা সিদ্ধান্ত অনুসাৰে হিমাই আইএএএফ কাপত অংশগ্ৰহণ নকৰে। এই বছৰত কমনৱেল্থ, বিশ্ব জুনিয়ৰৰ পৰা এছিয়ান গেমছলৈকে হিমাই যথেষ্ট দৌৰিলে। ৭ ছেপ্টেম্বৰত এগৰাকী শীৰ্ষ প্ৰশিক্ষকে জনাইছে যে হিমাক অত্যাধিক দৌৰোৱাটো উচিৎ নহয়।