ফূৰ্তি বহুত হ’ল!! অহা ১৮ তাৰিখে প্ৰশিক্ষণ শিবিৰলৈ উভতিব হিমা

hima das assam

ফাইল ফটো

নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে কোটি কোটি দেশবাসীৰ হৃদয় জিনা অসমৰ গ’ল্ডেন গাৰ্ল হিমা দাসক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটাৰ সময়তে অহা ১৮ অক্তোবৰত পাটিয়ালাৰ শিবিৰত যোগ দিব বুলি নিশ্চিত কৰিছে খেলুৱৈগৰাকীয়ে।

উল্লেখযোগ্য যে ১০ অক্তোবৰৰ পৰাই ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ আৰম্ভ হৈছে যদিও আৰু হিমাৰ বাবে প্ৰশিক্ষকে অপেক্ষা কৰি আছে যদিও হিমাই এই পৰ্য্যন্ত শিবিৰত যোগদান কৰা নাই। ইয়াকে লৈ সমগ্ৰ দেশজুৰি অহেতুক বিতৰ্কৰ সূত্ৰপাত ঘটে। হিমাৰ এই আচৰণ অসন্তুষ্টি প্ৰকাশ কৰিছে সৰ্বভাৰতীয় এথলেটিকছ ফেডাৰেইশ্যনেও।

ইফালে হিমাৰ সৈতে একেলগে এছিয়ান গেইমছত পদক জিকা খেলুৱৈসকলে ইতিপূৰ্বে শিবিৰত যোগদান কৰি প্ৰশিক্ষণত ভাগ লৈছে।

জানিব পৰামতে, এ এফ আয়ে ইয়াৰ কঠোৰ স্থিতিত কৈছে যে প্ৰশিক্ষণত শিবিৰত উপস্থিত হোৱাত ব্যৰ্থ খেলুৱৈক দ্বিতীয় এটা সুযোগ দিয়া নহ’ব পাৰে। লগতে এইসকল খেলুৱৈক অলিম্পিকৰ বাবে নিৰ্বাচন কৰা নহ’বও পাৰে।

মন কৰিব লগীয়া যে এ এফ আই (Athletics Federation of India)-এ জাননীযোগে জনাই দিছিল যে সকলো খেলুৱৈয়ে উক্ত শিবিৰত ১০ তাৰিখৰ ভিতৰত হাজিৰ হ’ব লাগিব।

উল্লেখযোগ্য যে হিমাই এছিয়ান গেইমছত সফলতাৰে তিনিটাকৈ পদক জয় কৰাৰ পিছত ভাৰতীয় তেল নিগমত বিষয়াৰ চাকৰি লাভ কৰিছিল। আনহাতে এই বছৰৰ অৰ্জুন বঁটাও লাভ কৰে উদীয়মান খেলুৱৈগৰাকীয়ে।