হিমাচলত ‘পৰম্পৰাগত’ নিৰ্বাচনী যুঁজ: ক্ষমতা পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ বিপক্ষে তুমুল ভোট যুঁজত কংগ্ৰেছ

Himachal Pradesh assembly election results

আগবাঢ়িছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ৰাজ্যখনৰ পৰম্পৰাগত ৰাজনৈতিক গতিবিধিৰ দৰেই এইবাৰো এতিয়ালৈকে প্ৰায় নিৰ্বাচনী যুঁজ চলিছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত। যোৱা প্ৰায় চাৰিটা দশক ধৰি হিমাচল প্ৰদেশত কোনো এখন শাসকীয় চৰকাৰে পুনৰ শাসনৰ গাদীলৈ ঘূৰি আহিব পৰা নাই।

এই ৰাজনৈতিক পৰম্পৰা অনুসৰিয়েই এইবাৰ বৰ্তমানৰ বিজেপি দলৰ চৰকাৰক উৎখাত কৰি ক্ষমতা পুনৰুদ্ধাৰৰ যুঁজত নামি পৰিছে কংগ্ৰেছ। চলি থকা ভোটগণনাত তুমুল প্ৰতিদ্বন্দিতাৰে দুয়োটা দলেই অগা-পিছাকৈ আগবাঢ়িছে চৰকাৰ গঠনৰ দিশত।

চলি থকা কোনো এখন চৰকাৰক ক্ষমতালৈ ঘূৰাই নিদিলে। ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে প্ৰাৰম্ভিক ধাৰাসমূহে ইংগিত দিয়ে যে পাহাৰীয়া ৰাজ্যখনত শাসকীয় দল বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত হোৱা যুঁজখনেই সাৱধান।

মুঠ ৬৮টা সমষ্টিৰ হিমাচল বিধানসভাত এতিয়ালৈকে ৩৩ টা সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছ। বৰ্তমানৰ শাসকীয় বিজেপি ৩০ খন আসনত আগবাঢ়ি আছে এতিয়ালৈকে হোৱা ভোটগণনাত। আনহাতে ৫ খন আসনত আগবাঢ়ি আছে নিৰ্দলীয় প্ৰাৰ্থী।

ৰাজ্যখনৰ ৰাজনীতিত প্ৰথমবাৰৰ প্ৰৱেশ ঘটোৱা আম আদমী পাৰ্টিয়ে বিজেপি-কংগ্ৰেছৰ যুঁজক ত্ৰিকোণীয়া নিৰ্বাচনী যুঁজত পৰিণত কৰিব বুলি আশা কৰা হৈছিল যদিও এতিয়ালৈকে এখনো আসনত গতি ল’ব পৰা নাই দলটোৱে।

উল্লেখ্য যে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৪খন আসন লাভ কৰি চৰকাৰ গঠন কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ২১ খন আসন। এইবাৰ এগজিট প’লত কংগ্ৰেছে ৩০ ৰ পৰা ৪০ খন আসন দখল কৰিব বুলি সম্ভাৱনীয়তা প্ৰকাশ কৰা হৈছিল।

যদি এইদৰেই নিৰ্বাচনী যুঁজ অব্যাহত থাকে ৰাজ্যখনত পূৰ্বৰ পৰম্পৰাগত ৰাজনৈতিক গতিবিধিৰ দৰেই কংগ্ৰেছ শাসনলৈ উভতি অহাৰ সম্ভাৱনা আছে। অৱশ্যে পিছে পিছে গৈ থকা বিজেপিয়ে কংগ্ৰেছক পিছলৈ ঠেলি পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে।

আনহাতে যদি কোনো দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে, চৰকাৰ গঠনৰ দিশত নিৰ্ণায়ক হৈ উঠিব নিৰ্দলীয় প্ৰাৰ্থীসকল। এনে পৰিস্থিতিত বিজেপিৰ ফালে ভাগ্যৰ ওজন অধিক থকা বুলি ক’ব পাৰি।