NORTHEAST NOW (Assamese)

হঠাৎ প্ৰচণ্ড বৰষুণত তচনচ হিমাচল: বানত উটুৱাই নিলে বহু শ্ৰমিক, দুজনৰ মৃতদেহ উদ্ধাৰ

June 26, 2025 10:24 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 26, 2025 10:28 am

হঠাৎ হোৱা প্ৰচণ্ড বৰষুণে হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ভয়ংকৰ ধ্বংসযজ্ঞ চলাইছে। কুল্লু আৰু কাংগৰা জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানত বহু লোক ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ, কাংগৰাৰ খনিয়াৰা গাঁৱত ১৫ৰ পৰা ২০ জন শ্ৰমিক বানত উটুৱাই নিয়া বুলি আশংকা কৰা হৈছে। ইতিমধ্যে দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বহুজন এতিয়াও সন্ধানহীন অৱস্থাত।

সংবাদ সংস্থা পিটিআইৰ মতে, এই শ্ৰমিকসকলে ইন্দিৰা প্ৰিয়দৰ্শিনী জলবিদ্যুৎ প্ৰকল্পত কাম কৰিছিল। বুধবাৰে খনিয়াৰা গাঁৱৰ মনুনি খাদত হঠাতে পানী বাঢ়ি অহাৰ ফলত কাম কৰি থকা শ্ৰমিকসকল বানৰ কবলত পৰে। বৰষুণৰ তীব্ৰতাৰ বাবে জলবিদ্যুৎ প্ৰকল্পৰ কাম সাময়িকভাৱে বন্ধ ৰখা হয়। শ্ৰমিকসকলে ওচৰতে জিৰণি লৈ থকা অৱস্থাতেই হঠাতে বান আহে, ফলত কোনো ব্যৱস্থাগ্ৰহণৰ আগতেই পানীৰ সোঁতে উটুৱাই নিয়ে।

ঘটনাৰ খবৰ পাই জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা দলে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয়। প্ৰশাসনে জানিবলৈ দিয়ে যে এই ডাৱৰ বিস্ফোৰণৰ ফলত ঠিক কিমান লোক ক্ষতিগ্ৰস্ত হৈছে, সেই বিষয়ে এতিয়াও নিশ্চিতভাৱে ক’ব পৰা হোৱা নাই। মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ে এই পৰিস্থিতিক জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে আৰু পৰিস্থিতিৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিছে।

ইফালে, কুল্লুৰ সাইঞ্জ উপত্যকাতো তিনিটা ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু মাণ্ডিত হাই এলাৰ্ট জাৰি কৰা হৈছে। কাংগৰাত হোৱা দুৰ্ঘটনাটো ৰোধ কৰিব নোৱাৰি গভীৰ দুঃখ প্ৰকাশ কৰিছে প্ৰশাসনে। বিপাশা নদীৰ পাণ্ডোহ মথাউৰিৰ পৰা পানী এৰি দিয়া হ’ব বুলি জাননী জাৰি কৰি পৰ্যটক আৰু স্থানীয় ৰাইজক নদীৰ ওচৰলৈ নেযাবলৈ সকীয়াই দিয়া হৈছে। প্ৰয়োজন হ’লে স্থানীয় জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

এই হঠাৎ সৃষ্টিহোৱা বনৰ ফলত কুল্লুৰ বহু ঘৰ, বিদ্যালয়, দলং আৰু মানালি-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথো আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। পৰিস্থিতিৰ উন্নতি নোহোৱা পৰ্যন্ত লোকসকলক সতৰ্কতা অবলম্বন কৰাৰ বাবে আহ্বান জনাইছে।

Related News