দ্ৰুততাৰে গলিছে হিমালয়ৰ বৰফ! গংগা, ব্ৰহ্মপুত্ৰৰ ভৱিষ্যতকলৈও শংকা

প্ৰায় ২০০ কোটি মানুহৰ বাবে পানীৰ অন্যতম মূল উৎস হিমালয়ৰ হিমবাহবোৰ দ্ৰুতগতিত গলিছে। শেহতীয়া তথ্য অনুসৰি ২০১১ আৰু ২০২০ চনৰ তুলনাত প্ৰায় ৬৫ ​​শতাংশ বেছি হাৰত হিমবাহ গলিছে। মঙলবাৰে এই সন্দৰ্ভত সকীয়াই দিছে বিজ্ঞানীসকলে। তেওঁলোকৰ আশংকা যে ইয়াৰ ফলত ভয়ংকৰ কিবা দুৰ্যোগ অতি সোনকালে আহি আছে।

হিমালয়ৰ হিন্দুকুশ হিমবাহ উপত্যকা অঞ্চলৰ প্ৰায় ২৫০ কোটি লোকৰ পানীৰ উৎস। কেৱল উপত্যকাতে নহয়, সমতল অঞ্চলতো ডেৰ কোটি লোকে এই হিমবাহৰ পানী ব্যৱহাৰ কৰে।

‘ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইন্টিগ্ৰেটেড মাউণ্টেন ডেভেলপমেণ্ট’ (ICIMOD)-এ এই হিমবাহৰ বিষয়ে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰি উদ্বেগ প্ৰকাশ কৰিছে। ভাৰত আৰু চীনৰ বহু গুৰুত্বপূৰ্ণ নদী যেনে গংগা, সিন্ধু, ব্ৰহ্মপুত্ৰ, মেকং, ইয়েলো, ইৰাৱতী এই হিমবাহৰ সৈতে সংযুক্ত।

এই হিমবাহবোৰে কোটি কোটি মানুহক পানী, খাদ্য আৰু বিদ্যুৎ যোগান ধৰাই নহয়, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাতো সহায় কৰে। আইচিআইএমঅ’ডিৰ উপ-মুখ্য কাৰ্যবাহী ইছাবেলা কোজিয়েলে কয় যে এছিয়াৰ প্ৰায় ২ কোটি লোক এই হিমবাহৰ ওপৰত নিৰ্ভৰশীল। গতিকে এই প্ৰতিবেদন অতি চিন্তনীয়।

গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিৱেশ প্ৰদূষণ এই হিমবাহবোৰ গলি যোৱাৰ অন্যতম কাৰণ বুলি ধাৰণা কৰা হৈছে। ইয়াৰ লগতে আছে বতৰৰ দ্ৰুত পৰিৱৰ্তন। বিজ্ঞানীসকলে কয়, যদি সকলোৱে নিজৰ পৰিৱেশৰ যত্ন লয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে একত্ৰিত হয়, তেন্তে আগতীয়া বিপদ কিছু পৰিমাণে ৰোধ কৰিব পৰা যাব।

অৱশ্যে পেৰিছ জলবায়ু চুক্তি অনুসৰি প্ৰাক-ঔদ্যোগিক সময়ৰ ওপৰত ভিত্তি কৰি উষ্ণতা বৃদ্ধি ১.৫ৰ পৰা ২ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত ৰাখিলেও ২১০০ চনৰ ভিতৰত এক তৃতীয়াংশৰ পৰা আধা হিমবাহ নাইকিয়া হৈ যাব।