হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱা হিমাংশু গগৈক লতাশিল থানাত হাজিৰ হোৱাৰ নিৰ্দেশ
কিছুদিন পূৰ্বে ফেইচবুক লাইভ যোগে হিমন্ত বিশ্ব শৰ্মাৰ ইংৰাজী ভাষাজ্ঞানক প্ৰত্যাহ্বান জনোৱা হিমাংশ গগৈক লতাশিল থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।
পুনৰ আন এটা ফেইচবুক ভিডিঅ’ আপল’ড কৰি এই কথা নিজেই প্ৰকাশ কৰিছে গগৈয়ে।
হিমাংশু গগৈ বায়ু সেনাৰ প্ৰাক্তন বিষয়া আৰু যোৱা ১৮ জানুৱাৰিত তেওঁ মন্ত্ৰী হিমন্ত বিশ্বক তেওঁৰ ইংৰাজী ভাষাজ্ঞানকে ধৰি কেইবাটাও কথাত প্ৰত্যাহ্বান জনাইছিল।
তেওঁ আজি পুৱাৰ ভাগত আপল’ড কৰা ভিডিঅ’টোতো মন্ত্ৰীজনক কটাক্ষ কৰিবলৈ নেৰে। ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰা, আলফাৰ নামত ধন দাবী কৰি পাণবজাৰ থানাত গৰুপিটন খোৱা বুলিও নাম উল্লেখ নকৰাকৈ মন্ত্ৰীজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে গগৈয়ে।
গগৈয়ে ভিডিঅ’টোত কয়, “যাৰ নিজৰ ডিগনিটি নাই, তেওঁৰ লগত কি কথা পাতিম”।
“তেওঁ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ এজন ডাঙৰ মন্ত্ৰী আৰু আগৰ চৰকাৰখনতো অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী আছিল। কিন্তু নতুন দলটোত অহাৰ পিছত আহি ক’লে “মই পঢ়িয়ে চোৱা নাছিলো।” আপুনি ১০ বছৰ ধৰি অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী আছিল, সেই ১০ বছৰৰ মন্ত্ৰী হিচাপে দৰমহা আমাৰ জনসাধাৰণৰ টকাৰে দিয়া হৈছিল। গতিকে সেই টকা ঘূৰাই দিয়ক”, গগৈয়ে কয়।
“ভক্তগণ” শব্দেৰে তেওঁ বিজেপি তথা মন্ত্ৰী হিমন্তৰ সমৰ্থকসকলকো কটাক্ষ কৰে।
অৱশ্যে কেইঘণ্টামানৰ পিছতে দিয়া আন এটা আপডেইটৰ জৰিয়তে গগৈয়ে কয় যে তেওঁক আজি থানাত হাজিৰ হ’ব নালাগে বুলি আজাৰা ডিভিজনৰ এচিপি প্ৰাঞ্জল বৰাই ফোনত জনায়।
“আজাৰা ডিভিজনৰ এচিপি প্ৰাঞ্জল বৰা দেৱে ফোন কৰি জনায়, আজি থানাত হাজিৰ হ’ব নালাগে হেনো। সকলো শুভাকাঙ্ক্ষীলৈ আন্তৰিক ধন্যবাদ”, গগৈয়ে ফেইচবুকত স্পষ্টীকৰণ দি কয়।