আক্রমণাত্মক হিমন্ত বিশ্ব : লক্ষ্য এইবাৰ একাংশ সংবাদ মাধ্যম আৰু বুদ্ধিজীৱী

Himanta BJP Panchayat election

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত এইবাৰ বিজেপি নেতাসকলে আক্ৰমণাত্মক ভূমিকা লোৱা দেখা গৈছে। প্ৰথমতে বিৰোধী ৰাজনৈতিক দল তাৰ পাছত মিত্ৰজোঁট অগপ আৰু এইবাৰ তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে একাংশ সংবাদ মাধ্যম তথা বুদ্ধিজীৱী।

কেইদিনমান আগতে একাংশ সংবাদ মাধ্যম আৰু বুদ্ধিজীৱীৰ উচটনিত ৰাজ্যখনৰ একাংশ যুৱকে আলফালৈ যোৱা বুলি মুখ্য মন্ত্ৰী সোণোৱালে ৰাজহুৱাভাৱে মন্তব্য কৰিছিল। এইবাৰ একাংশ সংবাদ মাধ্যম আৰু বুদ্ধিজীৱীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দেওবাৰে মন্ত্রী শর্মাই সংবাদ মাধ্যমৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণ কৰাৰ হুমকি দিয়ে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে আলফা বা আলফাত যোগদানৰ বাবে উৎসাহিত কৰাটো দেশ বিৰোধী, সংবিধান আৰু আইন বিৰোধী কার্য। সেয়েহে, আলফাক উচটনি দিয়া সংবাদ মাধ্যমৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব।

মন্ত্রী শর্মাই লগতে কয় যে একাংশ সংবাদ মাধ্যমে অসমক ৯০’ৰ দশকলৈ উভতাই নিব বিচাৰিছে। ৯০ৰ দশকত একাংশ বুদ্ধিজীৱীয়ে আলফাক উৎসাহিত কৰিছিল। কিন্তু সেই বুদ্ধিজীৱীসকলে হেজাৰ হেজাৰ আলফাৰ তেজাল যুৱক মৃত্যুমুখত পৰাৰ পাছত এবাৰো তেওঁলোকৰ খবৰ লোৱা নাছিল।

দেশদ্রোহী কার্যত প্রেৰণা যোগোৱাসকলৰ বিৰুদ্ধে যেনেদৰে ব্যৱস্থা ল’ব লাগে তেনেদৰে লোৱা হ’ব বুলি সকীয়াই দি মন্ত্ৰী শৰ্মাই একাংশ সংবাদ মাধ্যম আৰু বুদ্ধিজীৱীক আক্ৰমণৰ লক্ষ্য কৰি লয়।