• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মুখ‍্যমন্ত্ৰীয়ে কি বিচাৰিছে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
July 25, 2025 6:20 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ‍্যমন্ত্ৰীয়ে কি বিচাৰিছে আৰু তেওঁৰ কথাৰ তালে তালে কোনে নাচিছে? অসমৰ মুখ‍্যমন্ত্ৰীয়ে ২০২৬ ত অসমৰ সংখ‍্যাগুৰুৰ ভোট এদনীয়াকৈ পাবৰ কাৰণে দিনে ৰাতিয়ে অসমৰ মানুহক প্ৰৰোচিত, উত্তেজিৎ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু নিৰ্দিষ্ট এচাম মানুহৰ বাহিৰে কোনেও তেওঁৰ কথাৰ প্ৰতি সহাৰি দিয়া নাই। কাণসাৰ দিয়া নাই। মুখ‍্যমন্ত্ৰীৰ কথাখিনি যদি আমি সহজ সৰলকৈ ব‍্যাখ‍্যা কৰোঁ তাৰ অৰ্থ কি হয়? তাৰ অৰ্থ হয়- মই অসমৰ মানুহৰ যি বোৰ মৌলিক সমস‍্যা সেইবোৰ সমাধান কৰিব পৰা নাই। কিয় পৰা নাই? আচলতে অসমৰ সাধাৰণ মানুহৰ মৌলিক সমস‍্যা সমাধান কৰাৰ বাবে যি দৃষ্টিভংগী আৰু উপলব্ধিৰ প্ৰয়োজন সেইটো মোৰ নাই। কিন্তু মোক ক্ষমতা লাগে। মই নিজে আকৌ মুখ‍্যমন্ত্ৰী হ’ব বিচাৰোঁ আৰু মোৰ সমৰ্থক সকল এম এল এ হৈ জিকি অহাটো বিচাৰোঁ যাতে তেওঁলোকে মোক মুখ‍্যমন্ত্ৰী হিচাপে বাচে। গতিকে মই যি কোনো প্ৰকাৰে নিৰ্বাচনত জিকিবই লাগিব। মই মানে বিজেপি। এতিয়া অসমত নিৰ্বাচন জিকাৰ একমাত্ৰ ৰাস্তা, হিন্দু ভোট বিজেপিৰ বাবে এদনীয়াকৈ  ৰখা আৰু যি কোনো প্ৰকাৰে সংখ‍্যালঘূ ধৰ্মীয় মুছলমানৰ ভোট বিভাজন কৰা। বিৰোধী বোৰে কৈ থাকে অসমৰ মূল সমস‍্যা মূল‍্যবৃদ্ধি, কৰ্মসংস্থানহীনতা,ভূমিহীনৰ ভূমিৰ অধিকাৰ,আৰু কিবা কিবি। সেইবোৰ সমস‍্যা কেনেকৈ সমাধান কৰিব লাগে মই নাজানোঁ।কিন্তু বাংলাদেশীৰ কথা কৈ যে পৰিস্থিতি কিছু উত্তেজিৎ কৰিব পাৰি।উজনিৰ অসমীয়া মানুহৰ মাজত কিছু হ’লেও ভয় এটা সুমুৱাই দিব পাৰি সেইটো মই জানো। আৰু এটা কথা। বিৰোধী বোৰে খিলঞ্জীয়াৰ ৰক্ষা কবচৰ কথা কৈ আছে বা বিদেশী নাগৰিক সমস‍্যাৰ সমাধানৰ কথা কৈ আছে।

অসম চুক্তিৰ ৬ নং ধাৰা আৰু বিপ্লব শৰ্মা কমিটিৰ পৰামৰ্শৰ ভিত্তিত ইচ্ছা কৰিলে তাৰ এটা সমাধান আমি উলিয়াব নিশ্চয় পাৰোঁ।কিন্তু এই সমস‍্যাটোৰ সমাধান কৰিলে এটা বৰ ডাঙৰ কথা হ’ব।তেতিয়া বিদেশীৰ ভয় দেখুৱাই,পমুৱাৰ ভয় দেখুৱাই ভোট বিচৰা ৰাজনীতিৰ অন্ত নপৰিব জানোঁ? আচলতে বিদেশী নাগৰিক বা পমুৱা মুছলমানৰ সমস‍্যাটো চাবলৈ গ’লে আমাৰ কাৰণে এটা আশীৰ্বাদ। অসমৰ সকলো সমস‍্যাৰ কাৰণে আমি তেওঁলোকক জগৰীয়া কৰিব পাৰোঁ। সেইটোকে ইফাল সিফাল কৰি আমি ৰাজনীতি কৰিব পাৰে। আমাৰ লগত থকা অসম গণ পৰিষদ দলেও ৰাজনীতি কৰিব পাৰে। আৰু সদৌ অসম ছাত্ৰ সন্থাইও নিজকে প্ৰাসংগিক কৰি ৰাখিব পাৰে।চাওক। কংগ্ৰেছ, কমিউনিষ্ট আৰু বাকী বিৰোধী দল বোৰে মোৰ বিৰোধিতা কৰিছে। আনকি অসম জাতীয় পৰিষদৰ দৰে জাতীয়তাবাদী নেতাইও মোক বৰকৈ সমালোচনা কৰিছে। কিন্তু সমৰ্থন আহিছে কাৰ পৰা ? আচুৰ পৰা। আচলতে আচুত আৰ এচ এচৰ মানুহ আগৰ পৰা আছিল বুলিয়ে গোটেই পৰিস্থিতিটো আমি নিয়ন্ত্ৰণত ৰাখিব পাৰিছোঁ।

গতিকে ৰাইজ, আচল কথাটো হৈছে এইটো। সেই কাৰণে মুখ‍্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ বন্দুক দিয়াৰ কথা কয়, এবাৰ এদিন বিস্ফোৰক পৰিস্থিতিৰ কথা কয়। কিন্তু তেওঁৰ  দালি গলা নাই। ইমান কিবা কিবি কৈ থকাৰ পিছতো এতিয়ালৈকে ক’তো কোনো উত্তেজনাৰ সৃষ্টি হোৱা নাই। কোনেও বন্দুক দিয়াকলৈ উচ‍্য-বাচ‍্য কৰি আনন্দত কিৰিলি পাৰা নাই। কিয় এইটো হোৱা নাই। সাধাৰণ মানুহে, মানে সাধাৰণ মানুহৰ সৰহ সংখ‍্যকে নিজৰ অভিজ্ঞতাৰ পৰা কথা বোৰ বুজিছে, শিকিছে। পমুৱা মুছলমানৰ আব-ভাব চাবেক অসমীয়াৰ লগত নিমিলিল বুলিয়ে তেওঁলোকক যে কাটি মাৰি আমি খাস্তাং কৰিব নোৱাৰোঁ সেইটো অসমীয়া মানুহে বুজিছে। বেদখল হোৱা নাই নেকি ? হৈছে ক’ৰবাত ক’ৰবাত।কিন্তু বেদখলী মানেই বিদেশী নহয়। আৰু অবৈধ বেদখল আৰু আদানী, আম্বানী, ৰামদেব, আৰু মন্ত্ৰী এম এলৰ বৈধ বেদখলৰ কথাটোও ৰাইজে নেদেখাকৈ আছেনে? গতিকে মুখ‍্য মন্ত্ৰীয়ে তৰ্জন গৰ্জণ কৰি থাকিব। আমি সেই তৰ্জন গৰ্জনত গলি যাব নালাগিব।আমি সাধাৰণ মানুহে আমাৰ দৃষ্টি আমাৰ মৌলিক সমস‍্যাতে ৰাখিব লাগিব।আৰু সকলো সময়তে আমাৰ মাজত সৌহাৰ্দ‍্য বজায় ৰাখিব লাগিব।কিন্তু এটা কথা দেখি বৰ বেয়া লাগে। যি জন মানুহে অসমৰ সকলো মানুহৰ মাজতে শান্তি সমন্বয় বজাই ৰখাৰ কথা ক’ব লাগিছিল সেইজনে ভোটৰ স্বাৰ্থত আজি অশান্তি উত্তেজনাৰ পোষকতা কৰি আছে। তাতকৈ আৰু বেয়া কথা কি হ’ব পাৰে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

September 9, 2025 3:56 pm
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

September 9, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd