NORTHEAST NOW (Assamese)

নৱ কুমাৰ শৰণীয়াই নিজৰ নিৰাপত্তাৰ বাবেহে সাংসদ হয় : হিমন্ত বিশ্ব শৰ্মা

April 19, 2019 8:21 pm · ৰিনয় বসুমতাৰী
Updated: April 19, 2019 8:40 pm

কোকৰাঝাৰৰ কালিপুখুৰীত আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আৰু চন্দন ব্ৰহ্মও উপস্থিত থাকে।

নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্তই কোকৰাঝাৰৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক তীব্ৰ সমালোচনা কৰে। হিমন্তই কয় যে নৱ কুমাৰ শৰণীয়াই নিৰ্বাচন অহাৰ লগে লগে জনজাতিকৰণৰ কথা কয় আৰু ক্ষমতাত আহিলে পাহৰি যায়।

মন্ত্ৰী হিমন্তই শৰণীয়াই অনুসূচিত জনজাতিৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলি উল্লেখ কৰি নৱ কুমাৰে জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে বুলিও কয়। যিহেতু নৱ কুমাৰ শৰণীয়াই নিজে বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰত গ্ৰেপ্তাৰ হোৱাৰ ভয় খাই আছে।  তাৰোপৰি নৱ কুমাৰ শৰণীয়াই কেৱল নিজৰ নিৰাপত্তাৰ বাবেহে সাংসদ হয় বুলিও উল্লেখ কৰে।

বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’লেহে অনুসূচিত জনজাতিৰ সমস্যা সমাধান হ’ব। নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্তই কোচ ৰাজবংশীক জনজাতিকৰণ কৰা হ’ব বুলি উল্লেখ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মক ভোট দিবলৈ আহ্বান জনায়।

Related News