কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল ক’ভিড-১৯ত মৃত্যু হোৱা দ্বিতীয় গৰাকী ৰোগী? জনালে মন্ত্ৰী হিমন্তই

Lockdown: More than 40k requests received for intra-state travel by ASTC bus in Assam

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

শুকুৰবাৰে ৰাজ্যৰ ক’ৰ’নাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সম্বোধন কৰা এক সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্ণনা কৰে কালি মৃত্যুক আঁকোৱালি লোৱা দীপিকা নাথ কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল।

মন্ত্ৰী শৰ্মাই কয় যে, গুৱাহাটীত ধৰা পৰা চাৰিগৰাকী ক’ৰ’না পজিটিভ ৰোগীৰ ভিতৰত তিনিজনৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰি। তাৰে ভিতৰত দীপিকা নাথ নামৰ এগৰাকী কিশোৰীৰ ইতিমধ্যে মৃত্যু হৈছে।

তেওঁ লগতে কয়, ‘ইতিমধ্যে ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যক সাৱটি লোৱা দীপিকা নাথ কিছুদিন ধৰি ভৰিৰ বিষ আৰু সামান্য জ্বৰত ভুগি আছিল’।

“দিপীকাৰ আইতাক মালতী বাছফৰ বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানৰ ঠিকাভিত্তিক চাফাই কৰ্মী। দিপীকা মাকৰ সৈতে লখৰাত থাকে। ভৰিৰ বিষ আৰু সামান্য জ্বৰত আক্ৰান্ত হোৱাত কেইদিনমান আগতে বেলতলাৰ ESICৰ এজন চিকিৎসকক দেখুৱাইছিল দীপিকাই’, মন্ত্ৰী গৰাকীয়ে কয়।

“তাৰ মাজতে দীপিকা আইতাক মালতী বাছফৰৰ ঘৰলৈ আহে। ৪ মে’ত বমি হোৱাত বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত চেলাইন দিয়া হয়’।

কিন্তু বুধবাৰে হঠাৎ তেওঁৰ মৃত্যু হয় বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয়, ‍‘পিছত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কৰ্কট  প্ৰতিষ্ঠানক দীপিকাৰ তেজৰ চেম্পল পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু শুকুৰবাৰে নিশা দীপিকা ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় বুলি প্ৰমাণিত হয়”।

বৰ্তমান দিপীকাৰ সংস্পৰ্শলৈ অহা BBCI ৰ চিকিৎসক, নাৰ্চসকলক স্বাস্থ্য পৰীক্ষা কৰা হৈছে।

কনটেইণ্টমেণ্ট জ’নলৈ বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানক ৰূপান্তৰ কৰাৰ লগতে ছিল কৰি দিয়া হৈছে ESCI মেডিকেল।

গুৱাহাটীত ক’ৰ’নাত আক্ৰান্ত হোৱা এগৰাকী মহিলা অনুৰাধা চিনেমা হলৰ কাষৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় “তেওঁ নিজৰ ছোৱালীৰ লগত আছিল। মহিলাগৰাকীৰ নাম বৰদা দাস। দুই এঘৰ লোকৰ সংস্পৰ্শলৈও আহিছিল মহিলাগৰাকী। প্ৰচণ্ড কাঁহত আক্ৰান্ত হোৱাৰ পিছত মহেন্দ্ৰ মোহন চিকিত্‍সালয়লৈ যায় মহিলাগৰাকী। পিছত মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্‍সালয়ৰ পৰা GMCHলৈ পঠিওৱা হয় মহিলাগৰাকীক। আৰু GMCHতে মহিলাগৰাকীৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে’।