NORTHEAST NOW (Assamese)

ষ্টাফ নাৰ্ছ আৰু তৃতীয় বৰ্গ পদৰ নিযুক্তিপত্ৰ বিতৰণ মন্ত্ৰী হিমন্ত বিশ্বৰ

November 15, 2019 5:24 pm · কল্পজ্যোতি শইকীয়া
অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ কৰ্মচাৰীক নিযুক্তি পত্ৰ বিতৰণ।

কাৰ্বি আংলঙৰ ডিফু চহৰত নৱ নিৰ্মিত অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ তৃতীয় বৰ্গ(কাৰিকৰী) আৰু নাৰ্ছৰ পদসমূহৰ বিপৰীতে চৰকাৰে আনুষ্ঠানিক নিযুক্তি দিছে।

আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাষ্ট গে’টস্থিত গড়কাপ্টানী বিভাগৰ আলোচনা আৰু প্ৰশিক্ষণ কেন্দ্ৰত নিযুক্তি পত্ৰবোৰ বিতৰণ কৰে আৰু নিযুক্তি প্ৰাপ্তসকলে অহা ২০ নৱেম্বৰৰ ভিতৰত যোগদান কৰিব লাগিব বুলি মন্ত্ৰীজনে জনায়।

মন্ত্ৰীজনে জনায় যে চিকিৎসা মহাবিদ্যালয়খন এতিয়াও আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হোৱা নাই যদিও অহা ২৫ নৱেম্বৰৰ পৰা ইয়াত অ’ পি ডি সেৱা আৰম্ভ হ’ব।

প্ৰায় ৮০ শতাংশ সাজু হৈ উঠা চিকিৎসা মহাবিদ্যালয়খনত ৫৮জন অধ্যাপক-অধ্যাপিকাকো নিযুক্তি দিয়া হৈছে আৰু তেওঁলোকে অহা সপ্তাহৰ ভিতৰত যোগদান কৰিব।

আজি নিযুক্তি প্ৰাপ্তসকলৰ ভিতৰত ২০৫গৰাকী ষ্টাফ নাৰ্ছ আৰু ৮৭গৰাকীক তৃতীয় বৰ্গৰ (কাৰিকৰী) বিভাগৰ কৰ্মচাৰী। এওঁলোকৰ বেছি সংখ্যকে (প্ৰায় ৬০ শতাংশ) কাৰ্বি আংলঙৰ।

বাকীসকল অন্যান্য ঠাইৰ বুলি জানিবলৈ দি মন্ত্ৰীজনে কয়, “এওঁলোকে কোনো কাৰণত বদলিৰ বাবে আৱেদন কৰিব নোৱাৰিব যেতিয়ালৈকে মই মন্ত্ৰী হৈ থাকো তেতিয়ালৈকে বদলি হ’ব নোৱাৰিব। কাৰোবাক ধৰিও বদলিৰ নিৰ্দেশ উলিয়াব নোৱাৰিব। ২০-২৫ বছৰলৈকে যদি বিজেপি চৰকাৰ থাকে তেতিয়াতো আৰু নোৱাৰিব।”

তেওঁ কাৰ্বি আংলঙৰ বাহিৰৰ চাকৰিয়ালসকলৰ বাবে হোষ্টেলৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

“ডিফু অতি সুন্দৰ ঠাই, মানুহৰ আদৰ-সাদৰো ভাল। গতিকে অন্য ঠাইৰ পৰা নিযুক্তি পোৱাসকলকো আদৰি ল’ব”, হিমন্ত বিশ্বৰ মন্তব্য।

আনহাতে নিযুক্তি নিকা আৰু সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত হৈছে বুলি দাবী কৰি মন্ত্ৰীজনে কয়, “কোনোবাই যদি এই চাকৰিৰ নামত কাৰোবাক ঘোচ দিছে বা লেনা-দেনা হৈছে তেওঁলোকে আজিৰ ৰাতিৰ ভিতৰতে ঘূৰাই ল’ব। সম্পূৰ্ণ মেধা আৰু যোগ্যতাৰ ভিত্তিত এই নিযুক্তি দিয়া হৈছে। গতিকে যি পইচা লৈছিল সেইসকলক মন্ত্ৰীয়ে মিটিঙত পইচা ঘূৰাই ল’বলৈ কৈছে বুলি ঘূৰাই ল’ব।”

Related News