দিল্লীত সৰ্বানন্দ নিমাত; সাংবাদিকৰ আগত মুখ খুলি কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

himu

কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? তাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে দিল্লীলৈ তলব কৰা হৈছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক।

পুৱা ৭.১৫ত চাৰ্টাৰ্ড বিমানেৰে সৰ্বা-হিমন্ত একেলগে গৈ প্ৰথমে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাক সাক্ষাৎ কৰি ১০ বজাৰ পৰা দুয়ো বৈঠকত মিলিত হয়।

তাৰ পিছত পুনৰ দুয়ো যায় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহলৈ। অমিত শ্বাহৰ বাসগৃহত বৈঠকত মিলিত হৈ পুনৰ জে.পি. নাড্ডাৰ বাসগৃহত বৈঠকত পুনৰ মিলিত হয় এক বৈঠকত।

ইপিনে, এই বৈঠকৰ পাছত সৰ্বানন্দ সোণোৱাল সংবাদমাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

তাৰ বিপৰীতে গৈ থকা বাহন ৰখাই সংবাদ মাধ্যমৰ আগত মন্তব্য দি কয় ‘কাইলৈ গুৱাহাটীত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব। তাৰ পাছতে সকলো উত্তৰ পাব।‘

এটা কথা উল্লেখ কৰিব লাগিব যদিহে বিধায়িনী দলৰ বৈঠকত ৬০ গৰাকী বিধায়কৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত মত গ্ৰহণ কৰে তেন্তে সৰহসংখ্যক বিধায়কেই অৰ্থ্যাৎ চাৰিভাগৰ তিনি অংশ বিধায়কেই হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন জনোৱাৰ সম্ভাৱনা প্ৰকট।

ভয়াবহ কোভিড পৰিস্থিতিৰ মাজত কাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে অসমৰ বাবে ভাল হ’ব তেনে এগৰাকী পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব সংসদীয় পৰিক্ৰমা ব’ৰ্ডে।

ইপিনে, দিল্লীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিধায়ক বিমল বৰা যোৱাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গৈছে বিধায়ক তৰংগ গগৈ।

বিজেপিৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই অসমত দলটোক দীঘলীয়া সময়ৰ বাবে আগবঢ়াই নিয়াৰ স্বাৰ্থত এগৰাকী সৰ্বজনগ্ৰাহ্য নেতা নিৰ্বাচনৰ ওপৰত গুৰুত্ব দিয়া বুলি জানিব পৰা গৈছে।