অসম চিকিৎসা মহাবিদ্যালয়স্থিত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনত কে’মথেৰাপীৰ সুবিধা উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ

অসমৰ স্বাস্থ্য ক্ষেত্ৰৰ আন্তঃগাথনি উন্নয়নৰ প্ৰচেষ্টাৰ চিন স্বৰূপে আজি ৰাজ্যৰ স্বাস্থ্য ক্ষেত্ৰত আন এক নতুন সংযোজন হয়।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়স্থিত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনত কে’ম’থেৰাপীৰ সুবিধা মুকলি কৰে।

আগন্তুক ছেপ্তেম্বৰ মাহৰ পৰা কেঞ্চাৰ কেয়াৰ ফাউণ্ডশ্যনত ৰেডিয়েশ্যন চিকিৎসাও আৰম্ভ হ’ব বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে জনায়।

‘‘আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে সতীৰ্থ সকলৰ সৈতে অসম চিকিৎসা মহাবিদ্যালয়স্থিত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনত কেম’থেৰাপীৰ সুবিধা আজি উদ্বোধন কৰিলোঁ ৷ অহা ছেপ্টেম্বৰ মাহৰ পৰা ৰেডিয়েচন চিকিৎসাও আৰম্ভ হ’ব ৷এই প্ৰচেষ্টাৰ সমূহ অংশীদাৰলৈ অভিন্দন।” হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেইচবুক পেইজত এইদৰে প্ৰকাশ কৰে।

আজিৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী গৰাকীৰ লগত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনো উপস্থিত থাকে।

উল্লেখযোগ্য যে, ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত মুকলি কৰি কে’মথেৰাপীৰ সুবিধাৰ ফলত অসমৰ লগতে চুবুৰীয়া অৰুণাচলপ্ৰদেশৰ জনসাধাৰণো উপকৃত হ’ব।