• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমীক্ষাত ওলাল : অৰবিন্দ কেজৰিৱালতকৈ কম হিমন্ত বিশ্বৰ জনপ্ৰিয়তা!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 31, 2023 1:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাত হ্ৰাস পাইছে নেকি হিমন্তবিশ্ব শৰ্মাৰ জনপ্ৰিয়তা? হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা বৃদ্ধি পোৱা বুলি ভক্তগণে দাবী কৰাৰ সময়তে পোহৰলৈ আহিছে এক তথ্য! পূৰ্বৰ তুলনাত হ্ৰাস পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা! এয়া আমি কৰা দাবী বা এৰা গেৰা সংস্থাই চলোৱা সমীক্ষা নহয়!  খোদ India Today গ্ৰুপে চলোৱা সমীক্ষাত পোহৰলৈ আহিছে এই কথা!  নবীন পাটনায়কতকৈ বহুগুণে কম হিমন্তৰ জনপ্ৰিয়তা!  অৰবিন্দ কেজৰিৱালতকৈ কম হিমন্ত বিশ্বৰ জনপ্ৰিয়তা! 

India Today Groupএ চলোৱা MoTN ৰেংকিং শীৰ্ষক এক সমীক্ষাত উত্তৰদাতাসকলে উৰিষ্যাৰ ৬১.৩ শতাংশ উত্তৰদাতাই  মুখ্যমন্ত্ৰী নবীন পাটনায়কক ইতিবাচক ৰেটিং দিছিল । ৫৭.৭ শতাংশই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিছিল ইতিবাচক ৰেটিং। ৫৫.৩ শতাংশই ভোট  দিছিল গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক। তাৰ বিপৰীতে মাত্ৰ ৪৯.২ শতাংশই এমঅ’টিএন ৰেংকিংত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভোট দিছে ।

ইণ্ডিয়া টুডে মুড অৱ দ্য নেশ্যন চমুকৈ (এম.ও.টি.এন.) জৰীপ অনুসৰি, ২০২২ চনত, মুখ্যমন্ত্ৰী নবীন পাটনায়কক দেশৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে গণ্য কৰা হৈছে।

নবীন পাটনায়কে উৰিষ্যাত ৭৮ শতাংশ জনপ্ৰিয়তাৰ ৰেটিংৰ সৈতে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা মুখ্যমন্ত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে, অৱশ্যে এই ক্ষেত্ৰত গৃহ ৰাজ্য অসমত হিমন্ত বিশ্ব শৰ্মাই  ৬৩ শতাংশ জনপ্ৰিয়তা লাভ কৰে আৰু তাৰ পিছত তামিলনাডুত এম কে ষ্টালিন ৬১ শতাংশ জনপ্ৰিয়তা লাভ কৰে।

উল্লেখযোগ্য যে, এই ইণ্ডিয়া টুডে গ্ৰুপেই ২০২২ চনৰ চলোৱা একেই সমীক্ষাত ৫৬ শতাংশ জনপ্ৰিয়তা ৰেটিঙৰ লগতে ৰাজ্যৰ ৬৩ শতাংশ লোকৰ সমৰ্থন পাই দেশৰ ভিতৰতে দ্বিতয় শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ স্থান পাবলৈ সক্ষম হৈছিল। সেইবছৰো উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে লাভ কৰিছিল প্ৰথম স্থান। 

প্ৰশ্ন হৈছে, হঠাৎ ৫৬ শতাংশৰ পৰা ৪৯.২ শতাংশলৈ কেনেকৈ অৱনমিত হ’ল হিমন্তৰ প্ৰতি সমৰ্থন? এবছৰতে হঠাৎ কিয় হ্ৰাস পাইছে মুখ্যমন্ত্ৰীৰ এই জনপ্ৰিয়তা?  ৰাজ্যত জনপ্ৰিয়তা হ্ৰাসত কি কি কাৰকে প্ৰভাৱ পেলাইছে? 

শেহতীয়া বিজেপিৰ ভিতৰচ’ৰাত নতুন পুৰণি যুঁজখনে কিছুদিন পূৰ্বে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। প্ৰথম যুঁজখন আৰম্ভ কৰিছিল নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। তাৰ পাছতে দলীয় নেতৃত্ব লগতে ন বিজেপিৰ দপ দপনিৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছিল সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই। আনকি তেওঁ এই পৰ্যায়তো মন্তব্য কৰিছিল যে  বাজপেয়ী ৰ ফটো ভৰিৰে গছকা ফটো ভৰিৰে মোহাৰি দিয়া ব্যক্তি আজি দলৰ পদবীত আছে।

তাৰ পাছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰি ৰাজেন গোহাঁইয়ে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি কেবিনেট মৰ্য্যদা এৰিছিল। কিয়নো সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি জনাইছিল যদিও সেয়া পাছত হৈ নুঠাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল। 

কিন্তু তাৰ পাছতে ২০১৫ চনত কংগ্ৰেছৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰত ধৰি বিজেপিত যোগদান কৰা জয়ন্ত মল্ল বৰুৱাই জ্যেষ্ঠ বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে স্পৰ্দ্ধা দেখুৱাই কৈছিল – “জ্যেষ্ঠ হ’লেও এতিয়াৰ পৰা লগোৱা হ’ব লেকাম! লেকাম নোহোৱাকৈ কাকো কথা কবলৈ দিয়া নহব BJPত। জ্যেষ্ঠ বুলি সহ্য কৰি থকা নহব  কঠোৰ হাতেৰে এইবোৰ দমন কৰা হ’ব। ৰাজেন গোহাঁয়ে হৰি নাম লওক ! দলটোক বিশৃংখল কৰিবলৈ দিয়া নহ’ব! 

তাৰ পাছতে সৰ্বত্তে চৰ্চিত আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যু আৰু কেচ ফৰ JOB কেলেংকাৰী!  প্ৰতিদিনাই বাতৰি কাকতত বৰ বৰ হৰফৰে প্ৰকাশ পাইছিল বিজেপিৰ নেতা-পালি নেতাৰ কেলেংকাৰীৰে লুটুৰী পুতুৰী হোৱা খবৰসমূহ। প্ৰতিদিন কাকতত প্ৰকাশিত এনেবোৰ বাতৰিৰ হেডলাইন। বিজেপি নেতা অনুৰাগ চলিহাৰ ভাড়াঘৰত আৰক্ষীৰ অভিযান, জাপে জাপে ওলাল এডমিট-প্ৰাৰ্থীৰ তালিকা….. জেৰাত বিজেপি নেতা অনুৰাগৰ বিস্ফোৰক স্বীকাৰোক্তি চাকৰি প্ৰাৰ্থীৰ পৰা লৈছিল ৩ লাখকৈ টকা, ওপৰ মহলক দিছিল ২:৫০ লাখ…. বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক গ্ৰেপ্তাৰ…. চাকৰিৰ নামত ধন সংগ্ৰহ শান্তনু পুজাৰীৰ। শেহতীয়াকৈ প্ৰকাশিত এই হেডলাইন… গেৰুৱা বাহিনীৰ চাকৰি কেলেংকাৰীৰ তদন্ত… ওপৰৰ মহলক ঢুকি পোৱা নাই অসম আৰক্ষীয়ে।

তাৰ পাছতো মুখ্যমন্ত্ৰীৰ মুখত দুৰ্নীতি বিৰোধী অভিযানখনৰ অমৃত বাণী প্ৰকাশ পাইছিল। মুখ্যমন্ত্ৰীৰ মতে তেওঁৰ দিনত কোনেও দুৰ্নীতি কৰিব নোৱাৰে আৰু সেয়া তেওঁৰ বাবে অতি গৌৰৱৰ কথা। 

এনেদৰেই বিজেপিৰ ভিতৰচ’ৰাত ঘটি থকা দুৰ্গন্ধময় লেতেৰা কেলেংকাৰী, কেচ ফৰ জব কেলেংকাৰী ঢাকিবলৈ চেষ্টা কৰি এনেবোৰ মন্তব্য কৰাৰ বাবেই হ্ৰাস পাইছে নেকি মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা? ইয়াৰোপৰি, তেওঁৰ দিনতে বিজেপিৰ ভিতৰচ’ৰাত সংঘাতে চৰম ৰূপ পোৱা, শাসন ব্যৱস্থা সূচাৰূৰূপে পৰিচালনাত চুড়ান্ত ব্যৰ্থ, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাংশলঙ্ঘী মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা, ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ একে ৰাতিৰ ভিতৰতে জিলাক মহকুমালৈ পৰ্যবেশিত কৰা বা বহুকেইখন গাঁও একেলগে নিশাটোৰ ভিতৰতে অন্য জিলালৈ স্থানান্তৰ, ধৰ্মৰ নামত সাম্প্ৰদায়িকতা বীজ ৰোপনৰ চেষ্টা ইত্যাদি বহু কাৰকেও মুখ্যমন্ত্ৰীৰ প্ৰতি জনতাৰ সমৰ্থন বা জনপ্ৰিয়তা ৫৬ শতাংশৰ পৰা ৪৯.২ শতাংশলৈ অৱনমিত কৰিছে নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd