বৰপেটাত পাঁচখন আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
পাঁচখনকৈ আঁচনিৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আজি বৰপেটা চহৰত উপস্থিত হয় লোক নিৰ্মাণ, বিত্ত, শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷
বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে মুঠ পাঁচখন আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷
মন্ত্ৰী গৰাকীয়ে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ১০০ খন বিছনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়, অসম চৰকাৰৰ স্ব -অগ্ৰাধিকাৰ আঁচনিৰ অধীনত নখন্দা দলঙৰ পৰা বৰপেটা বাঘবৰ পথৰ নলীৰপাৰ সংযোগী পথ নিৰ্মাণ কাৰ্য, চেঙা বহৰি পথ উন্নয়ন কাৰ্য, বাঘবৰৰ আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৷
ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্যৰ ভিতৰত বৰপেটাত প্ৰথমবাৰৰ বাবে একেদিনাই পাঁচখনকৈ আধাৰশিলা স্থাপন কৰা হয় ৷
এই অনুষ্ঠানত সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাস, বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, চেঙাৰ বিধায়ক শুকুৰ আলী, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে ৷